ETV Bharat / state

Minor Rape Case : গোৱালপাৰাত 14 বছৰীয়া কিশোৰীক ধৰ্ষণ

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 8:37 PM IST

ভয়-ভাবুকিৰে 14 কিশোৰীক ধৰ্ষণ প্ৰতিৱেশী যুৱকৰ ৷ গোৱালপাৰাত সংঘটিত হৈছে এই জঘন্য ঘটনা ৷

Teenage Girl Raped in Goalpara
বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা

গোৱালপাৰাত পুনৰ সংঘটিত হৈছে ধৰ্ষণৰ ঘটনা

গোৱালপাৰা, 30 আগষ্ট : ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা ৷ পুনৰ এক মানৱতাক ভূ-লুণ্ঠিত কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ ৰাজ্যত পুনৰ সংঘটিত হৈছে ধৰ্ষণৰ ঘটনা ৷ ভয়-ভাবুকিৰে 14 কিশোৰীক ধৰ্ষণ প্ৰতিৱেশী যুৱকৰ ৷ এই জঘন্য ঘটনা সংঘটিত হৈছে গোৱালপাৰাত ৷

গোৱালপাৰাত পুনৰ সংঘটিত হৈছে ধৰ্ষণৰ দৰে জঘন্য ঘটনা ৷ জাহাংগীৰ আলম নামৰ অভিযুক্তৰ কামনাৰ বলি হ'ল 14 বছৰীয়া এগৰাকী কিশোৰী ৷ দীৰ্ঘদিনে চোকা অস্ত্ৰ দেখুৱাই, ভয়-ভাবুকিৰে কিশোৰী গৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰাৰ অভিযোগ পৰিয়ালৰ ৷ ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে ইতিমধ্যে থানাত এজাহাৰ দাখিল কৰিছে ৷

ঘটনাৰ স্থান গোৱালপাৰা জিলাৰ ধুমেৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত এটা ভিতৰুৱা অঞ্চলৰ ৷ জানিব পৰা মতে দীৰ্ঘদিন ধৰি অভিযুক্ত প্ৰতিবেশী যুৱক জাহাংগীৰ আলমে ভয়-ভাবুকিৰে নাবালিকা গৰাকীৰ ওপৰত চলাই আহিছিল শাৰীৰিক শোষণ ৷ ঘটনাৰ বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰিলে অভিযুক্তই হত্যাৰ ভাবুকি দি আহিছিল নাবালিকাগৰাকীক ৷ ভুক্তভোগী নাবালিকাগৰাকীয়ে ভয়ত নীৰৱে এই অমানৱীয় অত্যাচাৰ দীৰ্ঘদিন ধৰি সহ্য কৰি আহিছিল ৷

উল্লেখ যে, যোৱা দুদিন পূৰ্বে কিশোৰীগৰাকীৰ মাতৃয়ে এই ঘটনা স্বচক্ষে প্ৰত্যক্ষ কৰাৰ পিছত পোহৰ লৈ আহে সমগ্ৰ ঘটনা ৷ নাবালিকাগৰাকীৰ মাতৃয়ে ঘটনাৰ বিষয়ে সোধা-পোচা কৰাত নাবালিকাগৰাকীয়ে মাতৃৰ সন্মুখত সকলো কথা বিৱৰি কয় ৷ পাছত ঘটনা সন্দৰ্ভত নাবালিকাগৰাকীৰ মাতৃয়ে অভিযুক্ত জাহাংগীৰ আলমৰ বিৰুদ্ধে জিলাখনৰ ধুমেৰঘাট আৰক্ষী চকীত দাখিল কৰে এজাহাৰ ৷ কিন্তু এজাহাৰ দাখিলৰ চাৰিদিন উকলি যোৱাৰ পিছতো ধুমেৰঘাট আৰক্ষীয়ে বৰ্তমানলৈকে ধৰ্ষণৰ অভিযুক্ত জাহাংগীৰ আলমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Man Elephant conflict: বন্যহস্তীৰ আক্ৰমণত নিহত এটা দম্পতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.