বাছে মহতিয়ালে ডেৰ বছৰীয়া কণমানিক, থিতাতে মৃত্যু

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 1:29 PM IST

thumbnail

জনিয়া, 4 ডিচেম্বৰ : কলগাছিয়াৰ চিকাটাৰী গাঁৱত শোকাৱহ ঘটনা ৷ যাত্ৰীবাহী বাছে মহতিয়াই নিলে ডেৰ বছৰীয়া শিশুক। চিকিৎসালয়ত ভৰ্তি কৰাৰ পিচতেই অকাল মৃত্যুক সাৱটি লয় শিশুটোৱে ৷ ইয়াৰ পিচতে পৰিয়ালটো কান্দোনত ভাঙি পৰিছে ৷ 

প্ৰাপ্ত খবৰ অনুসৰি, বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চিকাটাৰী গাঁৱত সোমবাৰে পুৱা সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনা। চিকাটাৰীৰ পৰা কলগাছিয়া অভিমুখে গৈ থকা অৱস্থাত AS 15AC 4758 নম্বৰৰ আফ্ৰিন নামৰ বাছখনে শিশুটিক মহতিয়াই নিয়ে। লগে লগে আত্মীয়ই কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত শিশুটিক ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। 

লক্ষণীয় যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পথ সুৰক্ষাৰ বাবে সজাগতামূলক অভিযান চলাই থকাৰ সময়তে এনে দুৰ্ঘটনাই সচেতন মহলৰ চকু কঁপালত তুলিছে।  

লগতে পঢ়ক: চাহ বাগিচাৰ মাজত উদ্ধাৰ মৃতদেহ, দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.