Oath Taking ceremony: গুৱাহাটী প্ৰেছ ক্লাৱৰ নৱনিৰ্বাচিত কমিটীৰ শপত গ্ৰহণ

By

Published : Jun 13, 2023, 7:47 PM IST

thumbnail

গুৱাহাটী, 13 জুন: মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ নৱনিৰ্বাচিত কমিটীয়ে শপত গ্ৰহণ কৰে । গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত আনুষ্ঠানত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে ১০ জনীয়া নৱনিৰ্বাচিত কমিটীখনে । কমিটীখনৰ সভাপতি পদত সুস্মিতা গোস্বামী, উপ-সভাপতি পদত যতীন ভাগৱতী , উপ-সভাপতি (সংৰক্ষিত) পদত অলকা বৰুৱা , সাধাৰণ সম্পাদক পদত দ্বিতীয় বাৰৰ বাবে সঞ্জয় ৰায়, সহকাৰী সাধাৰণ সম্পাদক দিলোৱাৰ হুছেইন, সহকাৰী সাধাৰণ সম্পাদক (সংৰক্ষিত) পদত মিতালী কোঁৱৰ , কোষাধ্যক্ষ পদত মনিন্দ্ৰ ডেকা , সাংস্কৃতিক সম্পাদক পদত পল্লৱী বৰা, ক্ৰীড়া সম্পাদক ৰূপে আজাদ গগৈ আৰু সাংগঠনিক সম্পাদক পদত কিশোৰ শৰ্মাই শপত গ্ৰহণ কৰে । আজিৰ পৰা পুৰণি কমিটীখনে নৱনিৰ্বাচিত কমিটীখনক দায়িত্ব অৰ্পণ কৰে । 
উল্লেখ্য যে, তিনি বছৰৰ অন্তত যোৱা 3 জুনত গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিচতে 4 জুনত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল। এই নিৰ্বাচনত মুঠ 998 গৰাকী ভোটাৰৰ বিপৰীতে 906 গৰাকী ভোটাৰে ভোটদান কৰিছিল। এই নিৰ্বাচনত 25 গৰাকী প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.