NPS Employee Protest: যোৰহাটত ভৱিষ্যত জীৱনৰ সুৰক্ষা বিচাৰি প্ৰতিবাদ চৰকাৰী কৰ্মচাৰীৰ

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 9:24 AM IST

thumbnail

যোৰহাট, 23 আগষ্ট: ভৱিষ্যত জীৱন সুৰক্ষা বিচাৰি ৰাজপথলৈ ওলাই আহিল এন পি এছ কৰ্মচাৰী সংস্থা । মঙলবাৰে সমগ্ৰ ৰাজ্যতে এন পি এছ কৰ্মচাৰীৰ প্ৰতিবাদত অচল হ’ল চৰকাৰী কাৰ্যালয় ৷ যোৰহাটতো জিলা আয়ুক্ত কাৰ্যালয় সন্মুখত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ কৰ্মচাৰীসকলে সৰ্বাত্মক কৰ্মবিৰতি আৰু প্ৰতিবাদী কাৰ্যসূচীৰে অচল কৰি তোলে যোৰহাট প্ৰশাসন যন্ত্ৰক । নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰা দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে কৰ্মচাৰীসকলে ।  

চৰকাৰে যেতিয়ালকৈ তেওঁলোকৰ দাবীসমূহ সমাধান নকৰে সেই পৰ্যন্ত এই প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব বুলি হুংকাৰ প্ৰদান কৰে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰীয়ে । ২০০৫ চনৰ পৰা চৰকাৰী কৰ্মচাৰী সকলৰ বাবে কৰা ব্যৱস্থাটোৱে কৰ্মচাৰী সকলৰ অৱসৰ জীৱন সুনিশ্চিত কৰা বিপৰীতে ভৱিষ্যত লৈ হতাশা কঢ়িয়াই আনিব বুলি প্ৰতিবাদকাৰী কৰ্মচাৰীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক: AASAA Stages Protest at Mariani : মৰিয়নীৰ নাগিনীজান চাহ বাগিচাত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.