চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে চচলত অব্যাহত অপ্ৰাদেশিকৃত শিক্ষকৰ অনিৰ্দিষ্টকালীন অনশন

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 10:39 PM IST

thumbnail

গুৱাহাটী, 13 ডিচেম্বৰ :পদ প্ৰাদেশিকীকৰণৰ দাবীত চচলত সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক-কর্মচাৰী সংস্থাই অব্যাহত ৰাখিছে অনিৰ্দিষ্টকালীন অনশন কার্যসূচী ৷ পদ প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত শিক্ষক- কৰ্মচাৰীৰ সমস্যাৰ সমাধানৰ দাবীত সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক-কৰ্মচাৰীয়ে ৰূপায়ণ কৰা অনশন কাৰ্যসূচীয়ে আজি ভৰি দিছে দশম দিনত ৷

ইফালে দহ দিন ধৰি অনশন অব্যাহত ৰখাৰ ফলত অসুস্থ হৈ পৰিছে তেৰ গৰাকীকৈ প্ৰতিবাদী শিক্ষক ৷ আনহাহাতে দহ দিন পৰ্যন্ত চৰকাৰী কোনো লোক প্ৰতিবাদী শিক্ষক সকলৰ খবৰ লবলৈ নহাত দুখ প্ৰকাশ কৰে প্ৰতিবাদী শিক্ষক সকলে ৷  

প্ৰতিবাদী শিক্ষক সকলে শীঘ্ৰেই প্ৰাদেশিকী আইনৰ সংশোধন ঘটাই বঞ্চিত শিক্ষক-কৰ্মচাৰী সকলৰ পদ প্ৰাদেশিকী কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায় ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে যেতিয়ালৈ আইনখন সংশোধন কৰিব বুলি ৰাজহুৱাকৈ প্ৰতিশ্ৰুতি নিদিয়ে তেতিয়ালৈকে অনশন কাৰ্যসূচী চলাই নিয়াৰ হুংকাৰ প্ৰতিবাদী শিক্ষক সকলৰ ৷ 

লগতে পঢ়ক : হিমন্ত-মোদীৰ কামে বিজেপিলৈ টানিলে আছুৰ প্ৰাক্তন নেতা দিব্যজ্যোতিক !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.