নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৰাজ্যজুৰি NESO ৰ ক’লা দিৱস পালন

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 4:13 PM IST

thumbnail

গুৱাহাটী, ১১ ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ বিৰোধী আন্দোলনৰ চাৰি বছৰ সম্পূৰ্ণ । চাৰিটা বছৰ পূৰ্বে আজিৰ দিনটোতে কেন্দ্ৰই জাপি দিছিল নাগৰিকত্ব সংশোধনী আইন । ‘কা’ আইনৰ বিৰোধিতা কৰি আজি ৰাজ্যজুৰি NESO ৰ ক’লা দিৱস পালন । আছুৰ উজানবজাৰস্থিত শ্বহীদ ন্যাসত উৰিল ক’লা পতাকা ।

আজিৰ দিনটোতে এই নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবিত গুৱাহাটীৰ ৰাজপথ কঁপাইছিল ছাত্ৰ আন্দোলনে । ২০১৯ চনত ‘কা’ৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ গৈ পাঁচজনকৈ যুৱক শ্বহীদ হৈছিল । সেয়েহে আজিৰ দিনটো ক'লা দিৱস হিচাপে পালন কৰিছে AASU আৰু NESO এ । আজিৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে বলপূৰ্ব্বকভাৱে ‘কা’ আইন জাপি দিছিল । সেয়েহে আজিৰ দিনটো সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ পূৱ ছাত্ৰ সন্থাই ক’লা দিন হিচাপে মানি আহিছে ৷ গুৱাহাটীত আছুৰ নেতাসকলে কয় যে ‘কা’ কোনো কাৰণত মানি লোৱা নাই আৰু লোৱা নহ’ব ৷ কা আন্দোলন অব্যাহত থাকিব । আইনী যুঁজৰ লগতে প্ৰতিবাদো সমান্তৰালভাৱে চলি থাকিব বুলি মন্তব্য কৰে আছুৰ সদস্যসকলে ।

লগতে পঢ়ক: ১২ ডিচেম্বৰৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ হ'ব কা বিৰোধী আন্দোলন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.