National Voters Day Beautiful Sand art: পুৰীৰ সাগৰৰ তীৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ বলুকা ভাস্কৰ্য

By

Published : Jan 25, 2023, 6:33 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

নেশ্যনেল ডেস্ক, 25 জানুৱাৰী: আজি দেশজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস(National Voters day in India)। প্ৰতি বছৰে 25 জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয় । এই ভোটাৰ দিৱস উপলক্ষে বলুকা শিল্পী পদ্মশ্ৰী সুদৰ্শন পাটনায়কে(Sudarsan Pattnaik wishes National Voters day) পুৰীৰ সমুদ্ৰ তীৰত বালিৰে নিঁখুতভাৱে অংকন কৰিছে ভোটাৰ দিসৱৰ প্ৰতীক ৷ 

এই বিশেষ বলুকা ভাস্কৰ্যত প্ৰথমে বালিৰে নীলা ৰং আৰু ৰাষ্ট্ৰীয় পতাকাৰ ৰঙৰ ওপৰত অৰ্ধচন্দ্ৰাকাৰ অংকন কৰিছে ৷  ইয়াৰ পিছত এটা চক্ৰৰ ভিতৰত "ভোটদানৰ সমান একো নাই, মই ভোটদান কৰাটো নিশ্চিত" শীৰ্ষক বিষয়বস্তু লিখিছে ৷ একেবাৰে তলত  National Voters Day বুলি ইংৰাজীত লিখে (Sand artist Sudarsan Pattnaik on Voters day) ৷  

ভোটাৰসকলক সজাগ কৰিবলৈ 2011 চনৰ পৰা প্ৰতি বছৰে 25 জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন কৰা হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে ভোটাৰসকলৰ মাজত, বিশেষকৈ যুৱ সকলৰ মাজত সজাগতা সৃষ্টি কৰা। এই বছৰৰ ভোটাৰ দিনৰ বিষয়বস্তু হৈছে "ভোটদানৰ সমান একো নাই, মই ভোটদান কৰাটো নিশ্চিত" অৰ্থাৎ "ভোট দিয়াৰ সমান একো নাই, মই ভোট দিবই লাগিব"।  

ৰাষ্ট্ৰীয় ভোটাৰ দিৱস 2023 ৰ  (History of National Voters Day) ইতিহাস

2011 চনৰ 25 জানুৱাৰী প্ৰথমবাৰৰ বাবে ভাৰতত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন কৰা হৈছিল। নিৰ্বাচন আয়োগে ১ জানুৱাৰীত ১৮ বছৰ বয়সৰ যোগ্য ভোটাৰসকলক চিনাক্ত কৰিবলৈ আৰম্ভ কৰিছিল । পিছত, তেওঁলোকে নিজকে ভোটাৰ হিচাপে নামভৰ্তি কৰে আৰু নিৰ্বাচনী ফটো পৰিচয় পত্ৰ (ইপিআইচি) প্ৰদান কৰা হয়।

ৰাষ্ট্ৰীয় ভোটাৰ দিৱস 2023 ৰ(National Voters Day theme) থীম

এই বছৰৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ বিষয়বস্তু হৈছে 'নিৰ্বাচনক অন্তৰ্ভুক্ত, সুগম আৰু অংশগ্ৰহণমূলক কৰি তোলা ।'

উল্লেখ্য হিমাচল প্ৰদেশৰ শ্যাম শৰণ নেগী স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ভোটাৰ আছিল । ১৯৫১ চনত স্বাধীনতাৰ পিছত তেওঁ প্ৰথম সাধাৰণ নিৰ্বাচনত ভোট দিছিল । যোৱা বছৰ ৫ নৱেম্বৰত নেগীৰ তেওঁৰ মৃত্যু হৈছিল । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১০৫ বছৰ ।

লগতে পঢ়ক: বলুকা শিল্পৰে প্ৰধানমন্ত্ৰী মোডীৰ 72 সংখ্যক জন্মদিনৰ শুভেচ্ছা সুদৰ্শন পাটনায়কৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.