বলুকা শিল্পৰে প্ৰধানমন্ত্ৰী মোডীৰ 72 সংখ্যক জন্মদিনৰ শুভেচ্ছা সুদৰ্শন পাটনায়কৰ
ওডিশাৰ পুৰী(Puri)ৰ সমুদ্ৰতীৰত নৰেন্দ্ৰ মোডীৰ 72 সংখ্যক জন্মদিনৰ শুভেচ্ছা জনাইছে বলুকা শিল্পী পদ্মশ্ৰী সুদৰ্শন পাটনায়কে(Sand artist Sudarsan Pattnaik wishes PM Modi) । বলুকা শিল্পীগৰাকীয়ে সমুদ্ৰতীৰত ১,২১৩ টা মাটিৰ পাত্ৰৰে বালিৰ ওপৰত নিখুঁতভাৱে অংকন কৰিছে ৫ ফুট উচ্চতাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ছবি (Sand sculpture on PM Modi birthday)৷ প্ৰায় ৫ টন বালি ব্যৱহাৰ কৰি এই বিশেষ ভাস্কৰ্যটোত হেপ্পী বাৰ্থডে মোডী জী (Happy Birthday Modi Ji) বুলি এখন হাঁহি থকা ছবিৰে এই বিশেষ দিনৰ শুভকামনা জনাইছে পাটনায়কে ৷ উল্লেখ্য যে পষেকজোৰা কাৰ্যসূচীৰে দেশজুৰি পালন কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন ৷
Last Updated : Feb 3, 2023, 8:28 PM IST