Nalbari Road Accident update : একেলগে জ্বলিল সঞ্জয় আৰু মানসীৰ নিথৰ দেহ

By

Published : Mar 27, 2023, 6:39 PM IST

thumbnail

নলবাৰী, ২৭ মাৰ্চ : মূহুৰ্ততে শেষ হ’ল এটি পৰিয়াল ৷ এটা দুৰ্ঘটনাই শেষ কৰিলে সকলো ৷ নিথৰুৱা হ’ল এটি কণমানি ৷ প্ৰতিটো জনম একেলগে থাকিম বুলি দিয়া প্ৰতিশ্ৰুতি সাৰ্থক হ’ল সঞ্জয় আৰু মানসীৰ ৷ একেলগে জ্বলিল স্বামী সঞ্জয় শৰ্মা আৰু তেওঁৰ পত্নী মানসী শৰ্মাৰ নশ্বৰদেহ ৷ কিন্তু বৰ্তমান পৰ্যন্ত কণমানিটোৱে নাজানে পিতৃ-মাতৃৰ বিয়োগৰ কথা ৷

উল্লেখ্য যে, দেওবাৰে মাজনিশা নলবাৰীৰ মুগকুছিত সংঘটিত হৈছিল এক ভয়াৱহ পথ দুৰ্ঘটনা (Nalbari terrible road accident) ৷ এই দুৰ্ঘটনাতে নিহত হৈছিল অময়াপুৰ কুচিয়াপাৰাৰ সঞ্জয় শৰ্মা আৰু তেওঁৰ পত্নী মানসী শৰ্মা ৷ অৱশ্যে এই দুৰ্ঘটনাত দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰিল সঞ্জয় আৰু মানসীৰ সাত বছৰীয়া পুত্ৰৰ ৷

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে নিহত সঞ্জয় আৰু মানসীৰ সাত বছৰীয়া পুত্ৰ ৷ এই ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি সঞ্জয় শৰ্মাৰ বাসগৃহত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : Nalbari Road Accident: ভয়ংকৰ পথ দুৰ্ঘটনাই নিথৰুৱা কৰিলে এটি কণমানিক; থিতাতে হেৰুৱালে পিতৃ মাতৃক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.