প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ সোঁৱৰণত অসম ভিত্তিত একাংক নাট প্ৰতিযোগিতা

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 6:09 PM IST

thumbnail

নলবাৰী, ২৮ ডিচেম্বৰ : বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মাধ্যম আন্দোলনৰ কৰ্ণধাৰ প্ৰয়াত ছাত্ৰ নেতা প্ৰসন্ন নাৰায়ণ চৌধুৰী ৩৪ সংখ্যক বাৰ্ষিক সদৌ অসম একাংক নাট প্ৰতিযোগিতা । ৩৪ খন পতাকা উত্তোলনেৰে আৰম্ভ হয় নাট প্ৰতিযোগিতাখনিৰ । উল্লেখ্য যে, ৩৪ গৰাকী বিশিষ্ট ব্যক্তিয়ে এই পতাকা উত্তোলন কাৰ্যসূচীত অংশ লয় ।

ইফালে একাংক নাট প্ৰতিযোগিতাত এইবাৰ ৰাজ্যৰ ভিন্ন স্থানৰ মুঠ ২০ টাকৈ নাট্যদলে নাট মনস্থ কৰিব । মন কৰিবলগীয়া যে, শ্ৰেষ্ঠ দলৰ পৰা শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰী আৰু শ্ৰেষ্ঠ নাট্যকাৰ,পৰিচালকৰ পৰা শ্ৰেষ্ঠ কলা নিৰ্দেশক, সংগীত পৰিচালক সকলোকে প্ৰদান কৰা হ’ব বঁটা । আনহাতে এই নাট প্ৰতিযোগিতাত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব ।

লগতে পঢ়ক : অসম আৰক্ষীক ইমান নিষ্প্ৰভ ৰূপত কোনেও চাব নিবিচাৰে : আছু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.