ETV Bharat / state

অসম আৰক্ষীক ইমান নিষ্প্ৰভ ৰূপত কোনেও চাব নিবিচাৰে : আছু

author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 7:51 PM IST

Updated : Dec 27, 2023, 10:33 PM IST

Peace Accord Between ULFA
আৰক্ষী সঞ্চালক প্ৰধানক সমালোচনা আছুৰ

Encounter in Assam : বহু প্ৰত্যাশিত আলফা আৰু ভাৰত চৰকাৰৰ মাজৰ শান্তি চুক্তিক লৈ প্ৰতিক্ৰিয়া আছুৰ সভাপতি-সধাৰণ সম্পাদকৰ ৷ লগতে এনকাউন্টাৰ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা আছুৰ ৷ গুলীয়াই বিদ্ৰোহ দমন কৰাৰ চৰকাৰৰ যিটো পন্থা সেই পন্থাৰ পৰা আঁতৰত থাকি আলোচনাৰ মাজেৰে এই সমস্যাটো সমাধানাৰ বাবে চৰকাৰ তৎপৰ হোৱাটো উচিত বুলি কয় আছুৰ সভাপতিয়ে ৷

আলফা-চৰকাৰৰ শান্তিচুক্তিলৈ শুভেচ্ছা আছুৰ

গুৱাহাটী, 27 ডিচেম্বৰ : আলফা-চৰকাৰৰ শান্তিচুক্তিলৈ শুভেচ্ছা সদৌ অসম ছাত্ৰ সন্থাৰ ৷ 29 ডিচেম্বৰত স্বাক্ষৰিত হ’বলগীয়া বহু প্ৰত্যাশিত আলফা আৰু ভাৰত চৰকাৰৰ মাজৰ শান্তি চুক্তিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আছুৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷

আছুৰ সভাপতি উৎপল শৰ্মাই কয় যে, সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে আলফাৰ লক্ষ্য আৰু পন্থাৰ পাৰ্থক্য আছে ৷ কিন্তু সদৌ অসম ছাত্ৰ সন্থাই সদায়ে চৰকাৰে যাতে নিৰৱচ্ছিন্ন ৰাজনৈতিক উদ্যোগ গ্ৰহণ কৰি আলফাৰ সৈতে আলোচনাৰ মাধ্যমেৰে বিষয়টোৰ সমাধান সূত্ৰ উলিয়াই তাৰ পোষকতা কৰি আহিছে ৷ দশক জোৰা, এখন দীঘলীয়া সশস্ত্ৰ সংগ্ৰামৰ অন্তত আলোচনাৰ মাধ্যমৰে এখন চুক্তি স্বাক্ষৰ হ’বলৈ গৈ আছে, গতিকে আছুৱে ইয়াক শুভেচ্ছা জ্ঞাপন কৰিছে বুলি কয় সংগঠনটোৰ সভাপতিগৰাকীয়ে ৷ লগতে এই চুক্তিখনে অসমৰ জাতীয় জলন্ত সমস্যা সমূহৰ সমাধানৰ পথ প্ৰশস্ত কৰাৰ আশা কৰিছে বুলি মন্তব্য কৰে তেওঁ ৷

আনহাতে অসম আৰক্ষীৰ এনকাউন্টাৰ সন্দৰ্ভত আছুৰ সভাপতিগৰাকীয়ে কয় যে, অসমীয়া যুৱক-যুৱতীলৈ এনেদৰে নিৰ্বিচাৰে গুলীচালনা কৰাটো আৰক্ষীয়ে বন্ধ কৰা উচিত ৷ অসম চৰকাৰে এইক্ষেত্ৰত নজৰ দিব লাগে ৷ তেওঁ কয়- "অসম আৰক্ষীৰ আধুনিকীকৰণৰ কথা পাতি থকা যায় ৷ কিন্তু সেই একেই অসম আৰক্ষীৰ হাতৰ পৰা অভিযুক্তই সদায় পলাবলৈ চেষ্টা কৰে, সদায়েই অস্ত্ৰ কাঢ়ি লৈ যায় আৰু সদায়েই ধৰিব নোৱাৰি ভৰিত গুলীয়াব লগা পৰিস্থিতিৰ সৃষ্টি হয় ৷ অসম আৰক্ষীকক ইমান নিষ্প্ৰভ ৰূপত কোনেও চাব নিবিচাৰে, অসম আৰক্ষী ইমান অদক্ষ কেতিয়াও হ’ব নোৱাৰে ৷ এনেধৰণৰ ঘটনা এতিয়া নিয়মীয়া ঘটনাত পৰিণত হৈছে ৷"

আছুৰ সভাপতিগৰাকীয়ে পুনৰ কয় যে, শেহতীয়াকৈ আলফাৰ সৈতে সম্পৰ্ক ৰখাৰ অভিযোগত অসমীয়া যুৱকলৈ যিধৰণে নিৰ্বিচাৰে গুলীচালনা কৰা হৈছে ছাত্ৰ সন্ধাই ইয়াক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু গৰিহণা দিছে ৷ আলফা সমস্যাটোৰ সমাধান আলোচনাৰ জৰিয়তে হ’ব লাগিব বুলি কয় তেওঁ ৷ লগতে মানুহক গুলীয়াই বিদ্ৰোহ দমন কৰাৰ চৰকাৰৰ যিটো পন্থা সেই পন্থাৰ পৰা আঁতৰত থাকি আলোচনাৰ মাজেৰে এই সমস্যাটো সমাধানাৰ বাবে তৎপৰ হোৱাটো উচিত বুলিও কয় তেওঁ ৷

ইফালে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই আলফা আৰু চৰকাৰৰ চুক্তি মৰ্যদাপূৰ্ণ হ’ব লাগিব বুলি কয় ৷ তেজাল যুৱক-যুৱতী সকলৰ প্ৰাণ, ত্যাগে ন্যাৰ্যতা পাব লাগিব বুলি কয় তেওঁ ৷ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে, এফালে চৰকাৰে আলফাৰ লগত চুক্তি কৰিবৰ বাবে আগবাঢ়িছে আৰু আনহাতে বৰ্তমানৰ অসমীয়া বিদ্বেষী আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে এনকাউন্টাৰৰ জৰিয়তে অসমীয়া যুৱকক পংগু কৰিব বিচাৰিছে ৷ অসমীয়া যুৱকৰ ওপৰত এনেধৰণৰ অমানৱীয় অত্যাচাৰ আছুৱে সহ্য কৰিব নোৱাৰে বুলি উল্লেখ কৰে তেওঁ ৷ গতিকে অসমীয়া যুৱকৰ ওপৰত চলা এই আতিশয্য বন্ধ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক দাবী জনায় শংকৰজ্যোতি বৰুৱাই ৷ লগতে "ডিজিপিক নাকী লগাওক" বুলি মুখ্যমন্ত্ৰীকো দাবী জনায় তেওঁ ৷

লগতে পঢ়ক : দিল্লীলৈ ৰাওনা হ’ল আলোচনাপন্থী আলফাৰ 16 জনীয়া দল

Last Updated :Dec 27, 2023, 10:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.