Nagaon theft incident : কাতি বিহুৰ উলহ-মালহৰ মাজতে নগাঁৱৰ মাহৰুলত ঘৰত চোৰৰ চাফাই অভিযান

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 9:57 AM IST

Updated : Oct 19, 2023, 11:06 AM IST

thumbnail

নগাঁও, 19 অক্টোবৰ : বুধবাৰে সমগ্ৰ ৰাজ্যতে উলহ-মালহেৰে কাতি বিহু উদযাপন কৰাৰ সময়তে নগাঁৱৰ মাহৰুলত চোৰে চলালে চাফাই অভিযান । নগাঁৱৰ মাহৰুলৰ ধন্টি বৰা নামৰ লোকজনৰ ঘৰত সংঘটিত হৈছে চুৰিকাণ্ড । বুধবাৰে দুপৰীয়া পৰিয়ালৰ লোক আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ যোৱাৰ সময়তে, ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে লুটপাত । চোৰে লুটি নিলে বহু মূল্যৱান গহণা ।

আ-অলংকাৰসহ নগদ 50000 টকাও লুটি লৈ যায় চোৰে । বিয়লি ঘৰলৈ উভতি অহাৰ পিচত চুৰিকাণ্ড সংঘটিত হোৱাৰে বিষয়ে অৱগত হয় পৰিয়ালৰ লোকে । পিচত স্থানীয় মৰিকলং আৰক্ষী চকীত চুৰি হোৱা সন্দৰ্ভত এখনি এজাহাৰ দাখিল কৰে ভুক্তভোগী পৰিয়ালটোৱে । আৰক্ষীয়ে চোৰৰ সন্ধানত অভিযান আৰম্ভ কৰিছে যদিও বাতৰি যুগুত কৰা পৰ্যন্ত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি নগাঁৱৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে কেবাটাও চুৰিৰ ঘটনা । অৱশ্যে নগাঁও আৰক্ষীয়ে মাত্ৰ দুটা দিন পূৰ্বে বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰীসহ কেইবাটাও চোৰক আটক কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : Lovlina observing Kati Bihu : শিপা নাপাহৰা বক্সাৰ লাভলীনাই তুলসী তলত চাকি জ্বলাই কুশল কামনা কৰিলে অসমবাসীৰ

Last Updated : Oct 19, 2023, 11:06 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.