বিনা ইউনিফৰ্মত নগাঁৱৰ ৰাজপথত কোনে আৰক্ষীৰ গাড়ী চলাই লগালে অঘটন ?

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 1:21 PM IST

thumbnail

নগাঁও, 24 নৱেম্বৰ : এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি নগাঁৱত নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । উত্তেজিত ৰাইজে ঘেৰাও কৰিলে আৰক্ষীৰ বাহন । নিশা আৰক্ষীৰ এখন বাহনে মহতিয়াই নিয়ে এজন চাইকেল আৰোহীক । আৰক্ষীৰ বাহনখন ভুল দিশেৰে আহি থকা বুলি অভিযোগ কৰিছে স্থানীয় লোকে । ক্ষুব্ধ ৰাইজে আৱদ্ধ কৰিলে চালকসহ আৰক্ষীৰ বাহন । বাহনখনত কোনো আৰক্ষীৰ লোক নাছিল বুলিও জানিব পৰা গৈছে ।

বাহনখনৰ চালকে তীব্ৰবেগেৰে চহৰৰ মাজতে বাহন চলোৱাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয় বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । ঘটনাটোত কথমপি প্ৰাণৰক্ষা পৰে দ্বীপেন গগৈ নামৰ লোকজনৰ । পৰৱৰ্তী সময়ত দুৰ্ঘটনাস্থলীত নগাঁও আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি । বৃহস্পতিবাৰে নিশা নগাঁৱৰ জয়শ্ৰী হল চাৰিআলিত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ।

লগতে পঢ়ক : বাইকৰ খুন্দাত ঢুকাই গ’ল কমল, অ’চিয়ে ক’লে পৰিয়ালৰ লোকে এজাহাৰ নিদিলে ৰুজু নহয় গোচৰ!

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.