Naga aggression : অসমৰ গছ কাটি তহিলং কৰিলে নগা দুৰ্বৃত্তই

By

Published : Feb 8, 2023, 6:35 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

যোৰহাট, 8 ফেব্ৰুৱাৰী : অসমৰ মাটিত নগাৰ আগ্ৰাসনক লৈ পুনৰ উত্তপ্ত হৈ পৰিছে মৰিয়নিৰ অসম-নগালেণ্ড সীমান্ত (Assam Meghalaya Border)৷  দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ মূল্যৱান গছ কাটি অসমৰ ভূমি বেদখল নগা দুৰ্বৃত্তৰ ৷ ইয়াকে লৈ উত্তপ্ত হৈ পৰিছে মৰিয়নিৰ সীমান্ত অঞ্চল ৷

উল্লেখ্য যে মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তৰ দিচৈভেলী সংৰক্ষিত বনাঞ্চলত নগা দুৰ্বৃত্তই চলাইছে মুকলি সন্ত্ৰাস । মৰিয়নিৰ নাগাজাংকাৰ দিচৈভেলী বনাঞ্চলৰ (Dissoi Valley Reserve Forest) বহু মূল্যৱান গছ কাটি অসমৰ ভূমিত অবাধ বেদখলত নামিছে নগা দুৰ্বৃত্ত ৷ এই ঘটনাৰ পাছতে এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে সীমান্তত ।

বুধবাৰে অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত নগাৰ এটা বৃহৎ দলে বনাঞ্চলখনত বেদখলৰ উদ্দেশ্যে বহু মূল্যবান গছ-গছনি কাটি তহিলং কৰে (Naga miscreant destroys Assam forest)৷ আনকি ঘটনাস্থলীৰ দৃশ্য সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকো অস্ত্ৰ দেখুৱাই ভাবুকি প্ৰদান কৰে নগা দুৰ্বৃত্তৰ দলটোৱে ৷

অসমৰ ভূমিত নগা দুৰ্বৃত্তই ধৰাবাহিকভাৱে সন্ত্ৰাস চলাই অহাৰ বিপৰীতে অসমৰ প্ৰশাসনৰ পুতৌজনক ভূমিকাক লৈ ক্ষোভৰ সৃষ্টি হৈছে সীমান্তবাসী অসমীয়াৰ মাজত ৷ ইয়াৰোপৰি অসমৰ প্ৰশাসনৰ মৌন স্থিতিৰ পৰিণতিত ভয়-শংকাৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে সীমান্তবাসী অসমীয়া ৷

উল্লেখ্য যে নগা দুৰ্বৃত্তই দিন দুপৰতে অসমৰ বনাঞ্চল ধংস কৰি ভূমি বেদখল কৰাৰ লগে লগে মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তত উত্তেজনাৰ সৃষ্টি হোৱাৰ লগতে সীমান্তবাসী অসমীয়া আতংকিত হৈ পৰাৰ লগতে প্ৰাণৰ শংকাত ভুগিবলগীয়া হৈছে ৷

নগাৰ হাতৰ পৰা অসমৰ ভূমি ৰক্ষাৰ ক্ষেত্ৰত যোৰহাট জিলা প্ৰশাসনে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব । তাৎপৰ্যপূৰ্ণ যে বাৰে বাৰে অসম ভূমিত নগা দুবৃত্তই সন্ত্ৰাস চলাই থকা পাছতো যোৰহাট জিলা প্ৰশাসন তথা অসম চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰা নাই (Assam Deforestation by Naga) ৷

লগতে পঢ়ক: Pawan Hans Helicopter Services : প্ৰথমটো যাত্ৰাত এজনো যাত্ৰী নুঠিল পৱন হংসৰ হেলিকপ্টাৰত

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.