আহোম যুগৰ হিলৈ চাবলৈ ৰাইজৰ হেতা-ওপৰা

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 7:33 PM IST

thumbnail

চৰাইদেউ,২৩ ডিচেম্বৰ: আহোম ৰাজশাসনৰ ঐতিহাসিক সমলেৰে ভৰপূৰ চৰাইদেউৰ সোণাৰিত আহোম যুগৰ সম্পদ উদ্ধাৰ । সোণাৰিৰ ২ নং লালটি পথাৰত উদ্ধাৰ আহোম যুগৰ হিলৈ উদ্ধাৰ । অঞ্চলটোৰ পূৰ্ণ লাহন নামৰ এজন লোকৰ বাৰীত পুখুৰী খান্দোতে শনিবাৰে উদ্ধাৰ হয় হিলৈটো । প্ৰায় ছয় ফুট দৈৰ্ঘ্যৰ হিলৈটোৰ ওজন ৩০ কিলোগ্ৰাম বুলি জানিব পৰা গৈছে । আনহাতে শনিবাৰে পুৱাৰ ভাগতে ঐতিহাসিক সম্পদটো উদ্ধাৰ হোৱা বিষয়ে প্ৰশাসনক অৱগত কৰাৰ পাছতো বৰ্তমানলৈকে উপস্থিত হোৱা নাই বিভাগীয় কৰ্তৃপক্ষ ।  

মন কৰিবলগীয়া যে, চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত ইতিপূৰ্বেও আহোম যুগৰ সম্পদ উদ্ধাৰ হৈছিল । পুখুৰীৰগৰাকী পূৰ্ণ লাহনে জানিবলৈ দিয়া অনুসৰি শুকুৰবাৰৰে পৰা পুখুৰীটো খান্দি থকা হৈছিল যদিও শনিবাৰে পুৱা আহোম যুগৰ হিলৈটো উদ্ধাৰ হয় । উদ্ধাৰ হোৱা হিলৈটো চাবলৈ অঞ্চলটোত ৰাইজে ভিৰ কৰিছে পূৰ্ণ লাহনৰ গৃহত ।

লগতে পঢ়ক: কালিকা লগা শনিবাৰ : নুমলীগড়ৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত নিহত 1 আহত 2

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.