Murder at Duliajan: দুলীয়াজানত পুত্ৰই ঘপিয়াই হত্যা কৰিলে মাতৃক

By

Published : Apr 3, 2023, 9:58 PM IST

thumbnail

ডিব্ৰুগড়, 3 এপ্ৰিল : দুলীয়াজানৰ মধুটিং চাহ বাগিচাত সোমবাৰে সংঘটিত হ’ল লোমহৰ্ষক হত্যাকাণ্ড ৷ পাষাণ পুত্ৰৰ চোকা অস্ত্ৰৰ আক্ৰমণত প্ৰাণ গ’ল মাতৃৰ ৷ গুৰুতৰভাৱে আহত ভগ্নী ৷ ৰাজু শৰ্মা নামৰ যুৱকজনে সংঘটিত কৰে এই ঘটনা (Murder at Duliajan) ৷

জানিব পৰা মতে, দুলীয়াজানৰ মধুটিং চাহ বাগিচাৰ পট্টী লাইনৰ ৰাজু শৰ্মাই তেওঁৰ মাতৃ আৰু ভগ্নীক কুঠাৰেৰে উপৰ্যুপৰি আক্ৰমণ কৰে ৷ ইয়াৰ পাচতেই আৰক্ষীয়ে আক্ৰমণৰ বলি হোৱা শান্তি শৰ্মা আৰু তেওঁৰ কন্যাক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি প্ৰেৰণ কৰে দুলীয়াজানৰ অইল ইণ্ডিয়া চিকিৎসালয়লৈ ৷ কিন্তু আৰক্ষীয়ে  শান্তি শৰ্মাক মৃত বুলি ঘোষণা কৰে ৷ ইফালে, গুৰুতৰভাৱে আহত কন্যাক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ (Son killed mother at Duliajan) ৷  

উল্লেখ্য যে, ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছিল ৰাজু শৰ্মাই ৷ জানিব পৰা মতে ৰাজু শৰ্মা আছিল মানসিকভাৱে দুৰ্বল ৷ অৱশ্যে আৰক্ষীয়ে পলাতক ৰাহু শৰ্মাক আটক কৰি নাওহলীয়া আৰক্ষী চকীত মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷ 

লগতে পঢ়ক: Jorhat police attack case: পুলিবৰ আৰক্ষীক আক্ৰমণত জড়িত এটা দুৰ্বৃত্তক আটক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.