Drug Dealing:মৰিগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান

By

Published : Aug 2, 2023, 7:51 PM IST

thumbnail

মৰিগাঁও, 2 আগষ্ট : বুধবাৰে‌ মৰিগাঁও সত্ৰ ন্যায়ধীশ আদালতে নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় কৰাৰ অভিযোগত এজনক ১ লাখ টকা জৰিমনা সহ ১০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে । মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ বাসীন্দা মণিৰুজ জামান নামৰ অভিযুক্তজন নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ তথ্য লাভ কৰি মৈৰাবাৰী আৰক্ষীয়ে এক গোচৰৰ ভিত্তিত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল তেওঁক ।

ভাৰতীয় দণ্ডবিধি NDPS আইনৰ অধীনত মৈৰাবাৰী আৰক্ষী থানাত বিগত ২০২১ চনৰ ২৮ ছেপ্তেম্বৰত  ৭১/২০২১ নম্বৰত পঞ্জীয়ন হোৱা গোচৰৰ বিপৰীতে হোৱা চূড়ান্ত শুনানিত নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় কৰাৰ অভিযোগত বুধবাৰে জিলা সত্ৰ ন্যায়াধীশে এই আদেশ প্ৰদান কৰে । বুধবাৰে মৰিগাঁও সত্ৰ ন্যায়াধীশৰ আদালতে মৈৰাবাৰীৰ বাসিন্দা তথা ড্ৰাগছ সৰবৰাহকাৰীজনৰ বিৰুদ্ধে প্ৰদান কৰা এই আদেশ সন্দৰ্ভত চৰকাৰী পক্ষৰ অধিবক্তা প্ৰাচূৰ্য হাজৰিকাই মন্তব্য আগবঢ়াই ।

উল্লেখ্য যে, মৰিগাঁও জিলাত পাঁচ শতাধিক ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে ৰুজু হৈ আছে গোচৰ । ইয়াৰ বিপৰীতে কেইবাশতাধিক গোচৰ বিচাৰাধীন হৈ আছে মৰিগাঁও সত্ৰ ন্যায়াধীশ আদালতত ।

লগতে পঢ়ক : Cyber criminals apprehended: 1243 খন ভুৱা চিমকাৰ্ড সহ চাইবাৰ অপৰাধী আৰক্ষীৰ জালত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.