Cyber Criminal Arrested: চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ মৰিগাঁও আৰক্ষীৰ

By

Published : Jun 24, 2023, 7:02 PM IST

thumbnail

মৰিগাঁও, 24 জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও জিলা আৰক্ষীয়ে অপৰাধ আৰু অপৰাধীৰ‌ বিৰুদ্ধে অব্যাহত ৰাখিছে জোৰদাৰ অভিযান । কাৰ্যতঃ মৰিগাঁও জিলা আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত জিলাখনৰ মৈৰাবাৰী, মিকিৰভেটা, লাহৰীঘাট, ধৰমতুল আদি অঞ্চল হাজাৰ হাজাৰ ভুৱা ছীম কাৰ্ড,পাছবুকসহ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰাৰ মাজতে শনিবাৰে আৰক্ষীয়ে পুনৰ আমিনুল হক নামৰ এক চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিছে ৷  

এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই কয় যে, অপৰাধ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে মৰিগাঁও জিলাতো বিগত দিনত অব্যাহত ৰাখিছে অপৰাধী বিৰূদ্ধে কঠোৰ অভিযান । বিগত দিনসমূহত মৰিগাঁও আৰক্ষীয়ে কৰায়ত্ব কৰিছে ইজনৰ পিচত আনজন অপৰাধী। 

কাৰ্যতঃ মৰিগাঁও জিলাৰ উত্তৰাঞ্চল চাইবাৰ অপৰাধীৰ ৰম্যভূমিত পৰ্যবসিত হৈছে যদিও আৰক্ষী অপৰাধ মুক্ত অভিযানে শেষ কৰিব পৰা নাই অপৰাধ প্ৰৱনতা । ফলত একাংশ অপৰাধীয়ে কাৰাগাৰৰ পৰা মুক্ত হৈ আহি পুনৰ নামি পৰিছে চাইবাৰ অপৰাধত। 

ফলত দৈনিক দুই তিনিজনকৈ চাইবাৰ অপৰাধী বিভিন্ন আৰক্ষীৰ জালত বন্দী হৈছে।  লাহৰীঘাট আৰক্ষী থানাৰ ভিতৰুৱা গৰৈমাৰীৰ দৈনিক বজাৰত এয়াৰটেল মোবাইল প্ৰতিষ্ঠানৰ এজন ৰিটেইলাৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ধৃত ব্যক্তিজন মৰিগাঁও গৰৈমাৰীৰ আমিনুল হক বুলি জানিব পৰা গৈছে ৷ 

আমিনুলে গৰৈমাৰী চাৰিআলিত আমিনুল পান বাহাৰ নামেৰে এটা এয়াৰটেল ৰিটেল পইন্ট স্থাপন কৰি বিভিন্ন ব্যক্তিৰ নামত ম'বাইল ছীম কাৰ্ড উলিয়াই সেইবোৰ এক্টিভ কৰি বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ভুৱা নামেৰে ধন আত্মসাৎ কৰাত সহায় কৰি আহিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । বৰ্তমান আমিনুলক মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক: Fake visa case : কানাডাৰ ভুৱা ভিছা কেলেংকাৰী গোচৰত ট্ৰেভেল এজেণ্টক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.