Congress Workers Verbal Dispute : হাইলাকান্দিৰ আৱৰ্ত ভৱনত কংগ্ৰেছ কৰ্মীৰ বিবাদ সন্দৰ্ভত কমলাক্ষ দে’ পুৰকায়স্থৰ প্ৰতিক্ৰিয়া

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 10:44 PM IST

thumbnail

কৰিমগঞ্জ, 4 ছেপ্টেম্বৰ : হাইলাকান্দি আৱৰ্ত ভৱনত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু বিধায়ক খলিল উদ্দিন মজুমদাৰৰ উপস্থিতিত কংগ্ৰেছৰ কৰ্মীসকলৰ মাজত সৃষ্টি হয় বিবাদ ৷ এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই ৷  

বিধায়কজনে কয় যে, 7 তাৰিখে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ এবছৰ সম্পূৰ্ণ হ’ব ৷ এই সন্দৰ্ভতে আৱৰ্ত ভৱনত এক আলোচনা চলিছিল ৷ তেওঁ কয় যে, ইয়াত বিশেষ কোনো ঘটনা সংঘটিত হোৱা নাই ৷ মূলতঃ ইয়াত 7 তাৰিখৰ অনুষ্ঠানৰ বিষয়েহে আলোচনা কৰা হয় বুলি মন্তব্য কৰে তেওঁ ৷

কাজিয়া সৃষ্টি সন্দৰ্ভত তেওঁ কয় যে, দলৰ কৰ্ম-কৰ্তাৰ কোনো কথাত খং, ৰাগ, ক্ষোভ থাকিব পাৰে ৷ কিন্তু সেয়া আনুষ্ঠানিক সভাত, দলৰ শীৰ্ষ নেতৃত্বৰ ওচৰত প্ৰকাশ নাপাবও পাৰে ৷ কিন্তু কেতিয়াবা এনেদৰে হোৱা অনানুষ্ঠানিক সভাত কাৰোৱাৰ এই ক্ষোভ প্ৰকাশ পাবও পাৰে ৷  সেয়া কোনো ডাঙৰ কথা নহয় ৷ মূলতঃ ইয়াত 7 তাৰিখৰ অনুষ্ঠানৰ বিষয়েহে আলোচনা কৰা হয় বুলি মন্তব্য কৰে তেওঁ ৷

লগতে পঢ়ক : Congress workers verbal dispute: যুদ্ধক্ষেত্ৰলৈ পৰিৱৰ্তন হ’ল হাইলাকান্দি আৱৰ্ত ভৱন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.