হাতত অস্ত্ৰ লৈ মানুহ মাৰিব বিচৰাটো কেতিয়াও সমৰ্থন নকৰো: চক্ৰধৰ গগৈ

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 10:01 AM IST

thumbnail

ডিব্ৰুগড়, 8 ডিচেম্বৰ : আলফা স্বাধীনৰ শিবিৰৰ পৰা এজনৰ পাচত আন এজন আলফা সদস্যই পলায়ন কৰাৰ লগতে শিবিৰত বিভিন্ন কাৰণত আলফা কেডাৰক মৃত্যুদণ্ড দিয়াৰ খবৰে সচেতন ৰাইজক চিন্তিত কৰি তুলিছে ৷ এনে সময়তে আকৌ দুটা দিনৰ পূৰ্বে নাহৰকটীয়াৰ সাংবাদিক বিদ্যুৎ মহন্তই আলফা স্বাধীনত যোগদান কৰা বাতৰিয়ে দখল কৰিছে সংবাদ শিৰোনাম ।

কলম এৰি হাতত অস্ত্ৰ তুলি ল’বলৈ আলফা স্বাধীনলৈ যোৱা বিষয়টোৱে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । ইয়াৰ পাচতেই সাংবাদিকৰ আলফা (স্বা)ত যোগদান কৰা সন্দৰ্ভত বিধায়ক চক্ৰধৰ গগৈয়ে কেতবোৰ মন্তব্য কৰে ৷ তেওঁ কয়, ‘‘নিজৰ পৰিয়াল এৰি আলফাৰ দৰে এটা সশস্ত্ৰ সংগ্ৰামত যোগদান কৰাটো ভাল কাম হোৱা নাই । সাংবাদিকজন যি পথেৰে গৈছে সেয়া আজিৰ দিনত অপ্ৰাসংগিক । হাতত অস্ত্ৰ লৈ মানুহ মাৰিব বিচৰাটো কেতিয়াও সমৰ্থন নকৰো’’ ৷

লগতে পঢ়ক : চকীহোলাত বিজেপিৰ বিশাল বিজয় সমাৰোহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.