ৰাজনৈতিক পথাৰত মোদীক প্ৰতিদ্বন্দিতা কৰিব পৰা কোনো নেতা নাই: চক্ৰধৰ গগৈ

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 6:22 PM IST

thumbnail

মৰাণ, 3 ডিচেম্বৰ : ‘‘I.N.D.I.A. মিত্ৰজোঁটে নিৰ্বাচনৰ পূৰ্বে এনে দেখুৱাইছিল যেন তেওঁলোকে বিজেপিক ধূলিস্যাৎ কৰি দিব ৷ কিন্তু আজিৰ ফলাফলত কি হ’ল ? তেলেংগানাৰ বাহিৰে অন্য ৰাজ্যত বিজেপিক ল’ৰাবই নোৱাৰিলে ৷ আনকি যিকেইখনতো কংগ্ৰেছ দল আছিল তাতো হ্ৰাস পাই তেওঁলোকৰ অৱস্থা একেবাৰে কাঢ়িল ৷’’ নিৰ্বাচন অনুষ্ঠিত হোৱা চাৰি ৰাজ্যৰ ভোট গণনা চলি থকাৰ মাজতে এই মন্তব্য বিজেপি বিধায়ক চক্ৰধৰ গগৈৰ ৷ 

তেওঁ লগতে কয়, ‘‘বৰ্তমান সময়ত ৰাজনৈতিক পথাৰখনত প্ৰধানমন্ত্ৰী মোদীক প্ৰতিদ্বন্দিতা কৰিব পৰাকৈ কোনো নেতা নাই আৰু ভাৰতীয় জনতা পাৰ্টীৰ সৈতে প্ৰতিদ্বন্দিতা কৰিব পৰাকৈ কোনো দল নাই ৷ সেই বুলি আমি অহংকাৰ নকৰোঁ ৷ আমি ৰাইজৰ হকে, দলৰ হকে সততা আৰু নিষ্ঠাৰে কাম কৰি যাম ৷" বিজেপিৰ এই ফলাফলত আনন্দিত হৈ পৰিছে বিধায়কগৰাকী ৷

লগতে পঢ়ক: গুৱাহাটীৰ ভূমিৰ নথি জালিয়াতি গোচৰত গ্ৰেপ্তাৰ হৈছে ইজনৰ পিছত সিজন অভিযুক্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.