Durga Puja 2023: মৰাণত পূজাৰ মণ্ডপে মণ্ডপে মা দুৰ্গাৰ আশীষ ল’লে বিধায়ক চক্ৰধৰ গগৈয়ে

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 9:41 AM IST

thumbnail

মৰাণ, 23 অক্টোবৰ : দেওবাৰে মহাঅষ্টমীৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তত মহাগৌৰীৰ ৰূপত মা দুৰ্গাক আৰাধনা ভক্তৰ ৷ ঢাক-ঢোল-শংখ-ঘন্টাৰ ধ্বনিত মুখৰিত ৰাজ্যৰ পূজাথলীসমূহ ৷ প্ৰতিটো পূজা মণ্ডপত অসূয়া-অপ্ৰীতিৰ নাশৰ অৰ্থে দেৱী দশভূজাক উপাসনা কৰিছে ভক্তপ্ৰাণে ৷

মহা অষ্টমীৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপসমূহত দেখিবলৈ পোৱা গৈছে ভক্তপ্ৰাণ ৰাইজৰ পাৰ ভঙা উছাহ। ডিব্ৰুগড় জিলাৰ মৰাণত এইবাৰ অনুষ্ঠিত হৈছে প্ৰায় ৩০ খন দুৰ্গা পূজা । ইয়াৰ মাজতে মহা অষ্টমীৰ দিনটোত অৰ্থাৎ দেওবাৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে খোৱাঙত তিনিখনকৈ পূজা মণ্ডপলৈ গৈ দেৱী মাৰ আশীৰ্বাদ গ্ৰহণ কৰে । বিধায়কজনে দেৱী দুৰ্গাৰ আৰ্শীবাদ লোৱাৰ সমান্তৰালকৈ সমষ্টিটোৰ কেইবাখনো পূজা সমিতিক চৰকাৰী সাহাৰ্যৰ ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰে ।

লগতে পঢ়ক: Durga Puja 2023: টিংখাঙত পূজা মণ্ডপে মণ্ডপে সাংস্কৃতিক মন্ত্ৰী বিমল বড়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.