Binod Hazarika on Miya Museum: মিয়া মিউজিয়াম উচ্ছেদ কৰাৰ দাবী বিধায়ক বিনোদ হাজৰিকাৰ

By

Published : Oct 24, 2022, 7:14 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

অসমৰ বহু বিতৰ্কিত মিয়া মিউজিয়াম মুকলি কৰাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । মিয়া মিউজিয়ামক লৈ সোমবাৰে লাহোৱালত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই(MLA Binod Hazarika reacts on Miya Museum) । মিয়া মিউজিয়াম নিৰ্মাণৰ কাম উচ্ছেদ কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনায় লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই(Binod Hazarika on Miya Museum) । বিধায়ক গৰাকীয়ে এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীয়ে মিয়া মিউজিয়াম নিৰ্মাণক লৈ পূৰ্বে কৰা বিৰ্তকত মিছাতে তেওঁৰ নাম সাঙুৰ খোৱাই বিৰ্তকৰ সৃষ্টি কৰিছিল । বিধায়কগৰাকীয়ে আৰু কয়, অসমত থকা খিলঞ্জীয়া মুছলমান ৰাইজে কেতিয়াও মিয়া মিউজিয়াম নিবিচাৰে । মিয়া মিউজিয়ামত যিসমূহ সামগ্ৰী ৰাখিব সেইসমূহ অসমৰ সমাজ জীৱনত কোনো প্ৰয়োজন নাই । গতিকে চৰকাৰে এই মিউজিয়াম ভাঙি পেলাব লাগে বুলি কয় বিধায়ক বিনোদ হাজৰিকাই ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.