কংগ্ৰেছৰ অন্যায়ৰ প্ৰায়চিত্ত কৰিবলৈ মাজুলীলৈ আহিব ৰাহুল গান্ধী : ভুৱন গাম

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 5:07 PM IST

thumbnail

মাজুলী,১৮ জানুৱাৰী : ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অংশ হিচাপে শুকুৰবাৰে মাজুলীত উপস্থিত হ'ব কংগ্ৰেছ নেতা ৰাহুল গান্ধী । ৰাহুল গান্ধীৰ আগমনৰ পূৰ্বে মাজুলীৰ বিজেপি বিধায়ক ভুৱন গামৰ গুৰুত্বপূৰ্ণ এক মন্তব্য প্ৰকাশ পাইছে । বিধায়ক ভুৱন গামৰ মতে কংগ্ৰেছ চৰকাৰৰ দিনত মাজুলীবাসীক যি অন্যায় কৰা হৈছিল তাৰ প্ৰায়চিত্ত কৰিবলৈহে ৰাহুল গান্ধী মাজুলীলৈ আহিব ।

ভুৱন গামৰ অভিযোগ অনুসৰি যোৱা ৬০ বছৰত কংগ্ৰেছ চৰকাৰৰ দিনত মাজুলীৰ কোনো উন্নতি হোৱা নাছিল ৷ কিন্তু নৰেন্দ্ৰ মোদীৰ নেতৃত্বত মাজুলী জিলা হ'ল, যোৰহাট-মাজুলী সংযোগী দলং হ'ল, চেলেক-ধুনাগুৰি দলং হ'ল আৰু বাট-পথৰো উন্নয়ন হৈছে । নৰেন্দ্ৰ মোদীৰ দিনত মাজুলীয়ে সোণৰ ৰূপ লৈছে । ৰাহুল গান্ধীয়ে সেই সোণৰ মাজুলী চাবলৈ আহিব বুলি ভুৱন গামে উল্লেখ কৰে । মাজুলীৰ ৰাইজে ৰাহুল গান্ধী বা কংগ্ৰেছৰ কোনো অনুষ্ঠানত নাহে বুলিও তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক :ৰাহুল গান্ধীৰ আগমনৰ পূৰ্বে প্ৰতিবাদত বহিল অংকিতা দত্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.