আলফা-চৰকাৰৰ চুক্তিখন ৰাজনৈতিকভাৱে অৰ্থপূৰ্ণ: অখিল গগৈ

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 7:36 PM IST

thumbnail

গুৱাহাটী, ২৯ ডিচেম্বৰ: আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত স্বাক্ষৰ হোৱা চুক্তিখন এখন ৰাজনৈতিক অৰ্থপূৰ্ণ চুক্তি কৰাৰ দাবী কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত তেওঁ কয় যে এই চুক্তিখন যাতে বিজেপিৰ ৰাজনৈতিক নিৰ্বাচনী ইস্তাহাৰ নহয় সেই কথাটো গুৰুত্বপূৰ্ণ ।
তেওঁ কয়, ‘‘আশা কৰোঁ অসমৰ মানুহৰ আকাংক্ষাক দুয়ো পক্ষৰ চুক্তিয়ে পূৰণ কৰিব পাৰিব । অসমীয়াৰ ৰক্ষা কবচটো ভাৰতৰ সংবিধানে দিয়া ৩৭১ এ, ৩৭১ এফ আৰু ৩৭১ জি ত আছে । ৩৭১ এ অধিকাৰ নাগালেণ্ডক দিছে । এই অধিকাৰৰ জৰিয়তে নাগালেণ্ডৰ মাটি বাহিৰৰ মানুহে কিনিব নোৱাৰে । নাগালেণ্ডত মাটিৰ তলত থকা সম্পদৰ অধিকাৰ দিছে । এতিয়া অসমক ৩৭০ এ অধিকাৰ দিলে অসমৰ মাটি বাহিৰৰ মানুহে অসমৰ মাটি কিনিব নোৱাৰিব ।’’

তেওঁ আৰু কয়, ‘‘মিজোৰামক দিছে ৩৭১ এফৰ অধিকাৰ, ছিকিমক দিছে ৩৭১ জিৰ অধিকাৰ । এই অধিকাৰৰ অসমে পালে অসম চহকী আৰু আত্মনিৰ্ভৰশীল ৰাজ্যত পৰিণত হ'ব । যদি সঁচা অৰ্থত এই চুক্তি হয় এই অধিকাৰসমূহ অসমক দিব লাগিব ।’’

লগতে পঢ়ক: পৰেশ বৰুৱাক বাদ দি দুৰ্বল দাবী চনদ লৈ আলফা-চৰকাৰৰ শান্তিচুক্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.