Crime in Teok: আইনক বুঢ়া আঙুলি দেখুৱাই এটিএমৰ ধন লুটৰ চেষ্টা টীয়কত

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 1:24 PM IST

thumbnail

টীয়ক, 11 নৱেম্বৰ: টীয়কৰ মুদৈজান তিনিআলিৰ সমীপত থকা এছ বি আইৰ এ টি এমত শনিবাৰৰ নিশা কোনো দুৰ্বৃত্তই এটিএমৰ ছাটাৰ ভাঙি লুট-পাট চলাবলৈ চেষ্টা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে, শনিবাৰৰ পুৱা এটিএম থকা গৃহটোৰ স্বত্বাধিকাৰীয়ে এটিএমৰ শ্বাটাৰখন তলা ভঙা অৱস্থাত প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ এটিএম কৰ্তৃপক্ষ আৰু টীয়ক আৰক্ষীক খবৰ দিয়ে ।

ইতিমধ্য টীয়ক আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । অৱশ্যে জানিব পৰা মতে, যদিও দুৰ্বৃত্তৰ দলটোৱে ছাটাৰখনৰ তলা ভাঙি এটিএমৰ ভিতৰত সোমাবলৈ সক্ষম হৈছিল কিন্তু এটিএমৰ ইন্টাৰ লক তথা অনান্য নিৰাপত্তা বেষ্টনী ভাঙি টকা উলিয়াই নিবলৈ সক্ষম হোৱা নাই । ইপিনে অনুৰূপ ঘটনা টীয়কৰ কাকজান অঞ্চলতো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে । 

সেয়ে এই ক্ষেত্ৰত উপযুক্ত তদন্ত কৰি দুৰ্বৃত্তৰ দলটোক অনতি পলমে কৰায়ত্ত কৰিবলৈ আৰু নিশা পহৰাৰ ব্যৱস্থা কৰিবলৈও আৰক্ষীক আহ্বান জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: Controversial remark of Badruddin Ajmal: এইবাৰ সংবাদ মাধ্যমৰ কেমেৰাৰ সমুখতে আজমলৰ উদ্ধতালি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.