ETV Bharat / state

Controversial remark of Badruddin Ajmal: এইবাৰ সংবাদ মাধ্যমৰ কেমেৰাৰ সমুখতে আজমলৰ উদ্ধতালি

author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 11:29 AM IST

এআইডিএফ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলৰ উদ্ধতালি ৷ সংবাদ মাধ্যমৰ কেমেৰাৰ সমুখতে ফটো সাংবাদিকসকলক দেখা মাত্ৰকে ধৰি ধৰি পিটন দিবলৈ নিৰ্দেশ দিছে সাংসদগৰাকীয়ে ৷ শিলচৰ বাঁশকান্দি মাদ্ৰাছাত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ এই নিৰ্দেশ প্ৰদান কৰে ধুবুৰীৰ সাংসদগৰাকীয়ে ৷

Controversial remark of Badruddin Ajmal
সংবাদ মাধ্যমৰ কেমেৰাৰ সমুখতে আজমলৰ উৰ্দ্বতালি !

সংবাদ মাধ্যমৰ কেমেৰাৰ সমুখতে সাংসদ আজমলৰ উৰ্দ্বতালি !

গুৱাহাটী, 11 নৱেম্বৰ: “য’ত যি কেমেৰামেনক পাবা ধৰি ধৰি পিটন দিয়া । পুলিচ কেচ হ’লে মই কভাৰ দিম ” — পুনৰ সংবাদ মাধ্যমৰ আগত বিতৰ্কিত মন্তব্য এআইডিএফ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলৰ ৷ সংবাদ মাধ্যমৰ ফটো সাংবাদিকসকলক উদ্দেশ্য কৰি এই আপত্তিজনক মন্তব্য আগবঢ়ায় সাংসদগৰাকীয়ে । শিলচৰ বাঁশকান্দি মাদ্ৰাছাত কেমেৰা দেখি খঙত অগ্নিশৰ্মা হৈ ফটো সাংবাদিকক প্ৰত্যক্ষ কৰি এই উদ্ভট মন্তব্য আগবঢ়ায় সাংসদগৰাকীয়ে ৷

সংবাদ মাধ্যমৰ ভিডিঅ’ সাংবাদিকসকলৰ ওপৰত খং জাৰিলে সাংসদ বদৰুদ্দিন আজমলে ৷ কেৱল খঙেই নহয়, ভিডিঅ’ সংবাদিকসকলক দেখামাত্ৰকে ধৰি ধৰি পিটন দিবলৈকো নিৰ্দেশ প্ৰদান কৰে আজমলে ৷ ভিডিঅ’ সাংবাদিকসকলক ধৰি- ধৰি পিটন দিবলৈ দলীয়কৰ্মীসকলক নিৰ্দেশ দিছে ধুবুৰীৰ বিতৰ্কিত সাংসদগৰাকীয়ে ৷ আনকি কেচ হ’লে চম্ভালিব বুলিও আশ্বাস প্ৰদান কৰিছে আজমলে ৷

উল্লেখ্য যে, বিতৰ্কিত সাংসদগৰাকীয়ে সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা এয়া প্ৰথম ঘটনা নহয় ৷ ইয়াৰ পূৰ্বেও সাংবাদিকক দুৰ্ব্যৱহাৰৰ বহু নজিৰ আছে ধুবুৰীৰ সাংসদগৰাকীৰ বিৰুদ্ধে ৷ যোৱাটো বিধানসভা নিৰ্বাচনৰ সময়ত হাতত থকা মাইক্ৰ’ফোনেৰে সাংবাদিকৰ মূৰ ফালি দিম বুলি মন্তব্য আগবঢ়াই সংবাদ শীৰ্ষ দখল কৰিছিল সাংসদ আজমলে ৷

উল্লেখ কৰা প্ৰয়োজন যে, শুকুৰবাৰে আন্তৰ্জাতিক স্তৰৰ motivational speaker মনোৱাৰ জামাক লগত লৈ শিলচৰ বাঁশকান্দি মাদ্ৰাছাত উপস্থিত হৈছিল বদৰুদ্দিন আজমল ৷ মাদ্ৰাছাত প্ৰৱেশৰ সময়ত ভিডিঅ’ সাংবাদিকসকলক দেখি খঙত অগ্নিশৰ্মা হৈ পৰে জনপ্ৰতিনিধিগৰাকী ৷ শালীনতাৰ চূড়ান্ত সীমা অতিক্ৰম কৰি আজমলে উপস্থিত দলীয় কৰ্মীসকলক কেমেৰামেনসকলক ধৰি পিটিবলৈ মুকলিভাৱে নিৰ্দেশ প্ৰদান কৰে ৷

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকা সময়তে এনেবোৰ ঘটনাই বহন কৰিছে বিশেষ তাৎপৰ্য ৷ তদুপৰি, সচেতন মহলতো এই বিষয়টোৱে লাভ কৰিছে বিশেষ চৰ্চা ৷

লগতে পঢ়ক: MLA Atul Bora : শংকৰদেৱ সংঘৰ অনুষ্ঠানত আজমলক দেখি জাতীয়তাবাদ জাগি উঠিল বিধায়ক অতুল বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.