Gold Chain Snatching: ৰংবং পথত পিষ্টল দেখুৱাই শিক্ষয়িত্ৰীৰ ডিঙিৰ পৰা কাঢ়িলে সোণৰ চেইন

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 9:09 PM IST

thumbnail

গুৱাহাটী, 2 অক্টোবৰ: গুৱাহাটী মহানগৰীত চিলনী চোৰৰ সন্ত্ৰাস । এই মহানগৰীৰ বৰবাৰীৰ ৰংবং পথত পিষ্টল দেখুৱাই দুৰ্বৃত্তই এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ পৰা কাঢ়ি লৈ গ’ল সোণৰ চেইন । এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ৷

উল্লেখ্য যে, বৰবাৰীৰ শিৱ মন্দিৰ পথৰ 14 নং গৃহৰ বাসিন্দা তথা ৰামপুৰ হায়াৰ চেকেণ্ডেৰীৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা নিজৰা গগৈয়ে সোমবাৰে পুৱা প্ৰায় ৬ মান বজাত প্ৰাতঃভ্ৰমণ কৰিবলৈ ওলাই যায় । প্রাতঃভ্ৰমণ কৰি ঘৰলৈ উভতি আহি থকা সময়ত ৰংবং পথত সন্মুখৰ ফালৰ পৰা এখন ক’লা ৰঙৰ পালচাৰ বাইকত অহা দুই যুৱকে আকস্মিকভাৱে মহিলাগৰাকীক পিষ্টল দেখুৱাই ভাবুকি প্ৰদান কৰি ডিঙিৰ সোণৰ চেইনডাল কাঢ়ি লৈ যায় । যুৱকদ্বয়ে হেলমেট পৰিধান কৰি আহিছিল ৷

তাৰ পিচতে দুই যুৱকে তীব্ৰ বেগেৰে প্ৰতীক্ষা হাস্পতালৰ দিশে পলায়ন কৰে । ইপিনে চিলনী চোৰে চেইনডাল টানি লৈ যোৱাত মহিলাগৰাকী বাগৰি পৰাত হাত, ভৰি আৰু ডিঙিত আঘাতপ্ৰাপ্ত হয় । এই ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজৰ সহযোগত মহিলাগৰাকীয়ে দিছপুৰ আৰক্ষী থানত খবৰ দিয়ে। 

ইয়াৰ পিচতে দিছপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও আৰক্ষীয়ে চিলনী চোৰৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই । এই ঘটনা সন্দৰ্ভত ভুক্তভোগী নিজৰা গগৈয়ে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে । 

লগতে পঢ়ক: Clash between TMPK leader and businessman : যুৱ ব্যৱসায়ীক TMPK নেতাই আক্ৰমণ কৰাৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.