ETV Bharat / state

Clash between TMPK leader and businessman : যুৱ ব্যৱসায়ীক TMPK নেতাই আক্ৰমণ কৰাৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 11:45 AM IST

TMPK leader allegedly attacked a businessman at Jonai
যুৱ ব্যৱসায়ীক TMPK কেন্দ্ৰীয় সমিতিৰ নেতাই আক্ৰমণ

জোনাইৰ এগৰাকী যুৱ ব্যৱসায়ীক TMPK কেন্দ্ৰীয় সমিতিৰ নেতাই আক্ৰমণ কৰাৰ অভিযোগ ৷ এই আক্ৰমণত গুৰুত্বভাৱে আহত জোনাইৰ যুৱ ব্যৱসায়ী শিৱ সোণোৱাল ৷ ঘটনা সন্দৰ্ভত পৃথকে পৃথকে দুই যুৱকৰ সংবাদমেল ৷

যুৱ ব্যৱসায়ীক TMPK কেন্দ্ৰীয় সমিতিৰ নেতাই আক্ৰমণ
জোনাইত সংঘটিত হৈছে এক অঘটন

জোনাই, ২ অক্টোবৰ : জোনাইত সংঘটিত হৈছে এক অঘটন ৷ জোনাইৰ এগৰাকী যুৱ ব্যৱসায়ীক TMPK কেন্দ্ৰীয় সমিতিৰ নেতা তুষাৰ ঙাটে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ তুষাৰ ঙাটেৰ আক্ৰমণত আহত হৈছে জোনাইৰ যুৱ ব্যৱসায়ী শিৱ সোণোৱাল ৷ সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰিছে জোনাইৰ যুৱ ব্যৱসায়ী শিৱ সোণোৱালে ৷ ইফালে তুষাৰ ঙাটেও ঘটনা সন্দৰ্ভত পৃথকে এক সংবাদমেল আয়োজন কৰি ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷

শিৱ সোণোৱালে সংবাদমেলত সদৰী কৰা মতে, ২৮ ছেপ্টেম্বৰৰ নিশা তেওঁ পত্নী-পুত্ৰৰ সৈতে অৰুণাচল প্ৰদেশৰ অয়ানস্থিত নিজা ব্যৱসায়স্থলীৰ পৰা নিশা প্ৰায় দহ বজাত ঘৰৰ অভিমুখে আহি আছিল ৷ তেনেতে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ব’লেৰ’ বাহনে অভাৰটেক কৰে ৷

তেতিয়া শিৱ সোণোৱালে কোনোবা চিনাকি বন্ধুৱে ধেমালি কৰা বুলি ভাবিছিল ৷ কিন্তু বাহনখনে পুনৰ আগচি ধৰাত শিৱ সোণোৱালে গাড়ীৰ পৰা নামি বাট আগচি ধৰাৰ কাৰণ জানিবলৈ ব’লেৰ’খনৰ চালকৰ সৈতে কথা পাতিবলৈ ওলাই যায় ৷ তেতিয়াই ব’লেৰে চালক আৰু শিৱ সোণোৱালৰ মাজত বাক বিতণ্ডাৰ সৃষ্টি হয় ৷

আনকি ব’লেৰ’ বাহনখনত অহা TMPK ৰ কেন্দ্ৰীয় সমিতিৰ নেতা তুষাৰ ঙাতেয়ে শিৱ সোণোৱালক প্ৰথমে ঘূচিয়াই তাৰ পিচত লোৰ অস্ত্ৰৰে মূৰত আঘাট কৰে ৷ এই অভিযোগ শিৱ সোণোৱালৰ ৷ ইফালে শিৱ সোণোৱালৰ পত্নীয়ে চিঞৰ বাখৰ কৰাত তুষাৰ ঙাটে সহ আক্ৰমণকাৰী দলটো উক্ত স্থানৰ পৰা পলায়ন কৰে ৷

উক্ত দিনা নিশাই জোনাই আৰক্ষীৰ সহযোগত সোণোৱালক চিকিৎসা কৰা হয় ৷ ইতিমধ্যে উক্ত ঘটনা সন্দৰ্ভত জোনাই আৰক্ষী থানাত তুষাৰ ঙাতেৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোক কৰিছে শিৱ সোণোৱালে ৷ সেয়েহে ঘটনাটোৰ উচিত তদন্ত কৰি দোষীক শাস্তি দিবলৈ আহ্বান জনাইছে শিৱ সোণোৱালে ৷

আনহাতে, দেওবাৰে বিয়লি TMPK ৰ সহকাৰী সম্পাদক তুষাৰ ঙাটেয়ে জোনাই ঙাচাৰচুক উকোমত অনুষ্ঠিত কৰা এক সংবাদমেলত উক্ত ঘটনা সন্দৰ্ভত কেতবোৰ বিপৰীত মন্তব্য প্ৰদান কৰে ৷ তুষাৰ ঙাটেই উল্লেখ কৰা অনুসৰি, ঘটনাৰ দিনা নিশা তেওঁ ৰুকচিনৰ পৰা ঘৰলৈ আহি আছিল ৷ তেনে সময়তে শিৱ সোণোৱালে তেওঁৰ গাড়ী অভাৰটেক কৰে আৰু তাৰ পাচত তেওঁক আক্ৰমণ কৰে ৷ তুষাৰ ঙাটেও শিৱ সোণোৱালৰ বিৰুদ্ধে জোনাই থানাত দাখিল কৰে এক এজাহাৰ ৷ এই ঘটনা সন্দৰ্ভত তুষাৰ ঙাটেই নিৰপেক্ষ তদন্ত কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে ৷

লগতে পঢ়ক : Clash between BJP and AAP in Nagaon : বিজেপিৰ কৰ্মীয়ে আপ নেতাক আক্ৰমণ কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.