Rockeybul Hussain's poster defaced: সুৰেশ বৰাৰ পদত্যাগ, ৰকিবুল হুছেইনৰ ফটোত ক'লা চিয়াঁহী

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 11:26 AM IST

thumbnail

নগাঁও, ১১ নৱেম্বৰ: নগাঁও ৰাজীৱ ভৱনৰ ৰকিবুল হুছেইনৰ ফটোত ক’লা চিয়াঁহী সানিলে কোনো অচিনাক্ত লোকে । ক’লা ৰঙ সনাতেই ক্ষান্ত নাথাকি প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ফটোৰ তলত কোনো অচিনাকি লোকে লিখিলে বিজেপিৰ এজেণ্ট বুলিও । ইয়াকে লৈ এতিয়া কংগ্ৰেছৰ ভিতৰচ’ৰাৰ লগতে সমগ্ৰ জিলাখনতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ 

নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই পদত্যাগ কৰাৰ পিচতেই একপ্ৰকাৰ ধুমুহাৰ সৃষ্টি হৈছে নগাঁও জিলা কংগ্ৰেছত । সুৰেশ বৰাৰ পদত্যাগক লৈ নগাঁও জিলা কংগ্ৰেছত আৰম্ভ হৈছে ব্যাপক অসন্তষ্টি । নগাঁৱৰ এগৰাকী নেতাৰ ষড়যন্ত্ৰৰ বলি হৈ সুৰেশ বৰাই জিলা কংগ্ৰেছৰ সভাপতি পদত্যাগ কৰা বুলি সৰ্বত্ৰে চলিছে ব্যাপক চৰ্চা । তাৰ মাজতেই বুধবাৰৰ নিশা নগাঁও ৰাজীৱ ভৱনৰ ৰকিবুলৰ ফটোত ক'লা চিয়াঁহী সানিলে কোনো অচিনাক্ত লোকে ।

আনকি বিজেপিত কংগ্ৰেছৰ এজেন্ট থকা বুলি খোদ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰাৰ সময়তেই নগাঁৱৰ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ফটোৰ তলত কোনো অচিনাকি লোকে লিখিলে বিজেপিৰ এজেণ্ট বুলিও । সুৰেশ বৰাৰ পদত্যাগৰ পিছতেই ৰকিবুল হুছেইনৰ ফটোৰ ওপৰতেই যেন ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল কোনো কংগ্ৰেছীৰ । এয়া এতিয়া নগাঁৱৰ ৰাজনৈতিক মহলৰ সৰ্বাধিক চৰ্চাৰ বিষয় হৈ পৰিছে ।

লগতে পঢ়ক: Suresh Borah quits Congress: কংগ্ৰেছৰ সংগ ত্যাগ সুৰেশ বৰাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.