Miya museum controversy: চন্দ্ৰ-সূৰ্য থকালৈকে অসমত মিঞা মিউজিয়াম নহ'ব: ৰণজিৎ কুমাৰ দাস

By

Published : Oct 28, 2022, 10:08 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

"মিঞা মিউজিয়াম অসম মূলকত সম্ভৱ নেকি ? এয়া অবাস্তৱ কথা । চন্দ্ৰ, সূৰ্য, নক্ষত্ৰসমূহ নামি আহিলেও এয়া সম্ভৱ নহয় । বিভ্ৰান্তিৰ পিছত মানুহে দৌৰিব নালাগে । মিউজিয়াম কোনোবাই নিজৰ ঘৰত কৰি থাকক আমাৰ আপত্তি নাই। কিন্তু, অসমীয়া জাতিৰ জনক শংকৰদেৱ কলাক্ষেত্ৰত মিঞাই স্থান ল'ব এইটো সম্ভৱ নেকি অসমীয়াসকল থাকোতে । অসমীয়াসকল মৰি যোৱাই ভাল তেতিয়াহ’লে ৷" মিঞা মিউজিয়ামৰ প্ৰসংগই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ সময়তে শুকুৰবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Minister Ranjeet Kumar Dass ) এইদৰে মন্তব্য কৰে (Ranjeet Kumar Dass on Miya museum) ৷ উল্লেখ্য যে, অসমত মিঞা মিউজিয়াম মুকলি কৰা বিষয়টোৱে সম্প্ৰতি ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰিছে (Miya museum controversy) । ইতিমধ্যে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশত মিঞা মিউজিয়াম চীল কৰাৰ সমান্তৰালভাৱে কেইবাজনো লোকক আটক কৰিছে আৰক্ষীয়ে ।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.