Karnataka election 2023 : জনাদেশ মানি ল’বলৈ সদা প্ৰস্তুত বিজেপি; মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

By

Published : May 14, 2023, 1:46 PM IST

thumbnail

মাজুলী, 14 মে’ : মাজুলীত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস । দেওবাৰৰ পুৱাই মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে । মাজুলীত উপস্থিত হৈ নতুন কমলাবাৰী সত্ৰ আৰু আউনীআটী সত্ৰ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে (Minister Ranjeet Kumar Dass in Majuli) । 

কৰ্ণাটকৰ নিৰ্বাচনৰ ফলাফল সম্পৰ্কতো মন্তব্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে, দাক্ষিণাত্যত চৰকাৰ পৰিৱৰ্তন কৰাটো এটা পৰম্পৰা । এবাৰ এটা দলক নিৰ্বাচিত কৰিলে অইন এবাৰ আন এটা দলক শাসনভাৰ প্ৰদান কৰে বুলি কয় মন্ত্ৰীগৰাকীয়ে । বিজেপি দলে নিৰ্বাচনত জিকিবৰ বাবে যি কৰিবলগীয়া আছিল সকলো কৰিলে যদিও তাৰ পিচতো জনাদেশ মানি লবলৈ সদা প্ৰস্তুত বুলি কয় বিজেপিৰ প্ৰাক্তন সভাপতিগৰাকীয়ে (Minister Ranjeet Kumar Dass on Karnataka election result) । 

দলীয় কর্মীসকলক কোনো ধৰণৰ অহংকাৰী মনোভাৱ গ্ৰহণ নকৰিবলৈ আৰু যদিহে অহংকাৰ মনোভাব জাগিছে সেয়া ত্যাগ কৰিবলৈ প্ৰাক্তন সভাপতিগৰাকীয়ে আহ্বান জনায় । লগতে তেওঁ কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলে অসমৰ আগন্তক নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায় বুলি জানিবলৈ দিয়ে (Congress defeat BJP in Karnataka) ।

লগতে পঢ়ক :  Karnataka elction 2023 : কৰ্ণাটকৰ ৰাইজে নস্যাৎ কৰিছে সাম্প্ৰদায়িক ৰাজনীতি; বিধায়ক আব্দুল বাতিন খন্দকাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.