আবকাৰী মন্ত্ৰী হৈ ৰাইজক মদৰ পৰা দূৰত থাকিবলৈ ক’লে মন্ত্ৰী পৰিমলে

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 7:22 AM IST

Updated : Nov 28, 2023, 11:47 AM IST

thumbnail

ৰঙিয়া, 28 নৱেম্বৰ : আবকাৰী বিভাগৰ মন্ত্ৰী হৈ অনুশোচনাত ভুগিছে নেকি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ কিয়নো সুৰা সেৱন কৰি গাড়ী চলাব নালাগে বুলি প্ৰচাৰ যিমানে চলাইছে, বিপৰীতে ৰাজ্যত সুৰা সেৱন কৰি বাহন চলোৱাৰ ফলত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে ৷ সেয়ে মন্ত্ৰী পদ গ’লেও কেৰেপ নকৰো বুলি কৈ সুৰা সেৱন কৰাৰ পৰা ৰাইজক আঁতৰি থাকিবলৈ আহ্বান জনালে মন্ত্ৰী শুক্লবৈদ্যই ৷

যিখন ৰাজ্যত কৰ সংগ্ৰহৰ স্বাৰ্থতে ৰাজ্য চৰকাৰে নতুনকৈ সুৰাৰ বিপনী খোলাৰ অনুমতি দিছে , উৎসৱ-পাৰ্বণত সুৰাৰ বিপনী বন্ধৰ বিপৰীতে খোলা ৰাখিছে তেনে সময়তে মন্ত্ৰীগৰাকীৰ মন্তব্যই কি সূচাইছে ! মন্ত্ৰী শুক্লবৈদ্যই কয়, ‘‘ মদে ৰাইজৰ একো উপকাৰ নকৰে ৷ বৰঞ্চ মদে অপকাৰহে কৰে ৷ মদৰ বাবে বহুতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৷ ’’সোমবাৰে ৰঙিয়াত অনুষ্ঠিত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ স্মৃতি দিৱসত অংশগ্ৰহণ কৰি সুৰা সেৱনৰ পৰা ৰাইজক বিৰত থাকিবলৈ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে ৷ 

লগতে পঢ়ক : বাইক চলাই এইবাৰ ৰঙিয়াত উপস্থিত হ’ল মন্ত্ৰী পৰিমল শুক্লবৈদ্য

Last Updated : Nov 28, 2023, 11:47 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.