Irregular power supply in Assam : আমছুৱে দাহ কৰিলে শক্তিমন্ত্ৰীৰ প্ৰতিকৃতি

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 2:56 PM IST

thumbnail

নগাঁও, 4 ছেপ্টেম্বৰ: এফালে উৎকট গৰম আনফালে অনিয়মীয়া বিদ্যুৎ যোগান । শক্তি বিভাগৰ বিৰুদ্ধে ৰাজ্যৰ ঠায়ে ঠায়ে ক্ষুব্ধ জনতাই সাব্যস্ত কৰিছে প্ৰতিবাদ । শনিবাৰে নিশা নগাঁৱৰ এটা বিদ্যুৎ উপ-সংমণ্ডলত ক্ষুব্ধ ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ পিছত সোমবাৰে নগাঁৱত শক্তি বিভাগৰ বিৰুদ্ধে জাঙুৰ খাই উঠে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু । 

সোমবাৰে দুপৰীয়া নগাঁও আমছুৰ নগাঁও জিলা সমিতিৰ উদ্যোগত শক্তি বিভাগৰ বিৰুদ্ধে সাব্যস্ত কৰা হয় উত্তাল প্ৰতিবাদ । নগাঁও চহৰৰ ধিং গেটত আমছুৰ নগাঁও জিলা সমিতিয়ে দাহ কৰে ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি । প্ৰতিবাদকাৰীসকলে শক্তি মন্ত্ৰীৰ প্ৰতিমূৰ্ত্তি দাহ কৰি চৰকাৰক বিদ্যুতৰ যোগান নিয়মীয়াকৰণৰ দাবী জনোৱাৰ লগতে বৰ্দ্ধিত বিদ্যুৎ মাচুল নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনায় । 

লগতে পঢ়ক: Assam BJP vs Congress: নিজৰ সমষ্টিৰ এগৰাকীও পঞ্চায়ত প্ৰতিনিধি জয়ী কৰাব নোৱাৰে ভূপেন বৰাই; ৰঞ্জীৱ শৰ্মা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.