Protest in Tinsukia : তিনিচুকীয়াত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ আছু কৰ্মীৰ

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 5:22 PM IST

thumbnail

তিনিচুকীয়া, 7 ছেপ্টেম্বৰ : বৃহস্পতিবাৰে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই অসম চৰকাৰৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ 24 ঘণ্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ দিনত বিদ্যুতৰ লুকাভাকুৰ বিৰুদ্ধে আছুৱে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷  

24 ঘণ্টাৰ 4-5 ঘন্টাহে বিদ্যুৎ থকা বুলি অভিযোগ কৰি তিনিচুকীয়া মহাবিদ্যালয়ৰ সমীপৰ তিনিআলিত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ কৰি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ 

প্ৰতিবাদৰ জৰিয়তে শাসকীয় বিজেপি চৰকাৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাক তীব্ৰ সমালোচনা কৰাৰ লগতে বিদ্যুৎ যোগান নিয়মীয়া কৰি জনসাধাৰণক সকাহ দিবলৈ দাবী জনায় তিনিচুকীয়া আছুৱে ৷ অন্যথা অনাগত দিনত ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷ 

লগতে পঢ়ক : Electricity camp in Nagaon: মুখ্যমন্ত্ৰী ড৹ শৰ্মাক মিছলীয়া আখ্যা ননৈ গোমোঠা গাঁওবাসীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.