BJP slams Congress: কংগ্ৰেছত এতিয়া দালাল, অশালীন মন্তব্য কৰা লোক আছে: যোগেন মহন

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 8:50 PM IST

thumbnail

মৰাণ, ১১ নৱেম্বৰঃ আজি অৰ্থাৎ শনিবাৰে বিজেপিত যোগ দিয়ে কংগ্ৰেছী নেতা সুৰেশ বৰাৰ লগতে যুৱ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি পৰিতোষ ৰয়ে । ইয়াৰ পিচতেই আৰম্ভ হৈছে প্ৰতিক্ৰিয়া । বহু কেইজন জ্যেষ্ঠ কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজহ তথা দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে ।

সমাগত লোকসকলৰ নিবাৰ্চনক লৈ শাসক বিৰোধী সকলো ৰাজনৈতিক দলে নিৰ্বাচনী তৎপৰতা চলাই থকাৰ মাজতেই কংগ্ৰেছ এৰিছে এজনৰ পাছত আন এজন নেতাই । কংগ্ৰেছত নগাঁও জিলাৰ সভাপতিকে ধৰি কেইবাজনো নেতাই আজি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি আনুষ্ঠানিকভাৱে যোগদান কৰিলে বিজেপিত । বহু কেইজন জ্যেষ্ঠ কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰাক লৈ চৰাইদেউ মৰাণত মন্ত্ৰী যোগেন মহনে কংগ্ৰেছক কটাক্ষ কৰি কয় যে কংগ্ৰেছত এতিয়া বিজেপিলৈ দেৱালীৰ অফাৰ চলিছে ।  

মন্ত্ৰী যোগেন মহনে পুনৰ কয় যে কংগ্ৰেছত এতিয়া দালাল, অশালীন মন্তব্য কৰা আৰু জনসাধাৰণৰ পক্ষত নথকা লোক আছে । দেৱালীৰ পিছতে মাহমৰা সমষ্টিটো ভালেসংখ্যক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰিব বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক:কংগ্ৰেছ এৰি বিজেপিলৈ: মুখ্যমন্ত্ৰীৰ ঘৰত ৰকিবুলৰ দুই ঘনিষ্ঠ সুৰেশ বৰা আৰু পৰিতোষ ৰয়

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.