Jogen Mohan inaugurates Maghi Mela : ভোগালী বুলি অলপ স্ফূৰ্তি; মন্ত্ৰী যোগেন মহনৰ বিহুগীতত কঁকাল ঘূৰাই নাচিলে মন্ত্ৰী পত্নীয়ে

By

Published : Jan 16, 2023, 1:16 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

চুতীয়া জাতি যুৱ সন্মিলনৰ (Chutia Yuva Sanmilan) চৰাইদেউ জিলা সমিতি, মৰাণ আঞ্চলিক সমিতি আৰু বৰপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত মৰাণৰ শ'লমাৰীত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা মাঘীমেলাৰ যোৱা দেওবাৰে সফল সামৰণি পৰে (Maghi Mela held at Moran) ৷ 

নিশা উদযাপন সমিতিৰ সভাপতি চন্দ্ৰ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অঞ্চলটোৰ বহুকেইগৰাকী বয়োজ্যেষ্ঠ সমাজকৰ্মীক সম্বৰ্দ্ধনা জনোৱা হয় । মুকলি সভাৰ পাছতে নিশা সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে (Minister Jogen Mohan) । 

উদ্বোধনী অনুষ্ঠানত হাতত মাইক্ৰ'ফোন লৈ মন্ত্ৰীয়ে গালে এটাৰ পিছত আন এটা বিহুগীত । মন্ত্ৰীৰ কণ্ঠত "মাজনী লৈ আহিছো কেমেৰা....", "টিপ টপ্ দেখিলে...."আদি এটাৰ পিছত আন এটা বিহুগীত । মন্ত্ৰীৰ গীতত নাচিলে মন্ত্ৰীৰ পত্নী অলি মহনে ৷ 

আনহাতে চুতীয়া ৰাজ্যৰ শেষৰ গৰাকী ৰাণী সতী সাধনীৰ স্মৃতিত মৰাণ চহৰৰ মাজমজিয়াত এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ’ব বুলিও ৰাজহ বিভাগৰ মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত জানিবলৈ দিয়ে । ইতিমধ্য প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ বাবে স্থান নিৰ্ধাৰণ কৰিবলৈ মৰাণৰ ৰাজহ চক্ৰ বিষয়াক নিৰ্দেশ প্ৰদান কৰা বুলিও কয় মন্ত্ৰীগৰাকীয়ে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.