Mission Amrit Sarovar in Assam: ট্ৰেক্টৰ চালকৰ ৰূপত মন্ত্ৰী যোগেন মহন

By

Published : Jan 6, 2023, 11:14 AM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

ট্ৰেক্টৰ চালকৰ ৰূপত দেখা গ'ল ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনক (Minister Jogen Mohan drives tractor)৷ মাহমৰা সমষ্টিত অমৃত সৰোবৰ আঁচনিৰ কামৰ বুজ লবলৈ যোৱা মন্ত্ৰী মহনক দেখা গ’ল এই ৰূপত (Minister Jogen Mohon at Moran) ৷ উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি অমৃত সৰোবৰৰ কাম (Mission Amrit Sarovar) । এই কামৰ অন্তিম সময় চলিত বৰ্ষৰ ২৬ জানুৱাৰী । সেয়েহে নিজ সমষ্টিত চলি থকা অমৃত সৰোবৰ আঁচনিৰ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে সৰ্বোদয় গাঁও পঞ্চায়তৰ অন্তৰ্গত এলেকাত উপস্থিত হয় মন্ত্ৰীগৰাকী (Inspection work of Amrit Sarovar scheme) । ইয়াতেই ট্ৰেক্টৰ চলাই মাটি পেলোৱাত ব্যস্ত হৈ পৰে মন্ত্ৰী যোগেন মহন । লগতে ২৬ জানুৱাৰীৰ ভিতৰত সকলো কাম শেষ কৰাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী যোগেন মহনে ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.