Guinness Book of World Records: ডিফুত বিহু গাই নাচনীক নচুৱালে মন্ত্ৰী যোগেন মহনে

By

Published : Mar 31, 2023, 8:02 PM IST

thumbnail

ডিফু,৩১ মাৰ্চ: ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । ব'হাগলৈ দিনচেৰেক থকা অৱস্থাত ঢোল-পেঁপাৰ মাতত মুখৰিত হৈ পৰিছে ৰাজ্য । এই ব'হাগতে বিহুক বিশ্বমুখী কৰাৰ উদ্দশ্যৰে অসম চৰকাৰে হাতত লৈছে এক বৃহৎ প্ৰচেষ্টা । ১৪ এপ্ৰিলত অৰ্থাৎ ৰঙালী বিহুৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত অসমৰ দহহাজাৰৰো অধিক নাচনীয়ে একেলগে বিহু নাচিব(Bihu Guinness Book of World Records) ৷  

এই বিহু নাচে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ গঢ়াৰ প্ৰয়াস কৰিব(Guinness Book of World Records through Bihu) ৷ অসমৰ প্ৰতিখন জিলাৰ পৰা এই বিহু অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিহু দলে ৷ কাৰ্বি আংলং জিলাৰ পৰা ৭০ জনীয়া এটা দলে অংশগ্ৰহণ কৰিব বৃহৎ অনুষ্ঠানটিত ৷ ডিফুৰ পৰা ২০ গৰাকী, বোকাজানৰ পৰা ২৫ গৰাকী আৰু বকলীয়া-হাওৰাঘাটৰ পৰা ২৫ গৰাকী নাচনী , ঢুলীয়া , পেপাঁবাদক , তালবাদকৰ দলে অংশগ্ৰহণ কৰিব ৷  

সেয়ে ২৪ মাৰ্চৰ পৰা ডিফু ক্লাৱ, বকলীয়াঘাতৰ আটি গাঁৱত আৰু বোকাজান ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত চলি আছে জোৰদাৰ আখৰা ৷ বৃহস্পতিবাৰে বকলীয়া আৰু ডিফুত পাৰ্বত্য এলেকা উন্নয়ন আৰু খনি দপ্তৰৰ মন্ত্ৰী যোগেন মহনে বিহুৰ আখৰা পৰিদৰ্শন কৰে(Minister Jogen Mahan inspects bihu preparations in Diphu) ৷ সকলোৱে জাতিৰ হৈ এই দায়িত্ব পালন কৰিবলৈ আগবঢ়া বুলি মন্তব্য আগবঢ়াই মন্ত্ৰী মহনে ৷ ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে বকলীয়া আৰু ডিফুত বিহুনাম গাই সকলোকে শুভেচ্ছা জ্ঞাপন কৰে(Minister Jogen Mahan sings Bihu song in Diphu) ৷ 

লগতে পঢ়ক: Bihu workshop: চিলাপথাৰত আয়োজিত বিহুনাচ কৰ্মশালাৰ সফল সামৰণি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.