Amrit Kalash Yatra in Nalbari: অমৃত কলহ লৈ নলবাৰীত দলে বলে যাত্ৰা জয়ন্ত মল্ল বৰুৱাৰ

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 8:40 PM IST

thumbnail

নলবাৰী, ৮ অক্টোবৰ: নলবাৰীত অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰিলে কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক জয়ন্তমল্ল বৰুৱাই । নলবাৰীৰ বাঁহজনীত ৮ নং আৰু ৯ নং গাঁও পঞ্চায়তৰ বিভিন্ন গাঁৱত এইদৰে অমৃত কলহ লৈ ঘৰে ঘৰে গৈ সংগ্ৰহ কৰে মাটি । 'মোৰ মাটি মোৰ দেশ' শ্লোগানেৰে ৰাইজৰ মাজত দেশপ্ৰেম জাগ্ৰত কৰাৰ লক্ষ্যৰে এইদৰে আত্মসহায়ক গোটৰ মহিলাৰ লগত অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ।

এই অমৃত কলহ যাত্ৰাত নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকাৰ লগতে কেইগৰাকী বিষয়া কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰে । ইপিনে ,অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে সৰৱ হৈ কয়, "ভূপেন বৰাই প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে ।"

লগতে পঢ়ক:Amrit Kalash Yatra in Guwahati: বিজেপিৰ নহয়; চৰকাৰী কাৰ্যসূচী হে অমৃত কলহ যাত্ৰা ! দাবী মন্ত্ৰী পাটোৱাৰীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.