নলবাৰীত সাংস্কৃতিক মহাসংগ্ৰামত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 9:09 AM IST

thumbnail

নলবাৰী, 15 ডিচেম্বৰ : বৃহস্পতিবাৰে নলবাৰী নাট্যমন্দিৰত অনুষ্ঠিত হয় নলবাৰী সমষ্টিৰ ভিত্তিত সাংস্কৃতিক মহাৰণ। নলবাৰী সমষ্টিৰ ১৯ খন পঞ্চায়ত আৰু চহৰৰ মিলি অনুষ্ঠিত হয় সাংস্কৃতিক মহাৰণ । উক্ত অনুষ্ঠানত উপস্থিত থাকে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৷

নলবাৰী নাট্যমন্দিৰত অনুষ্ঠিত হোৱা সাংস্কৃতিক মহাৰণত নলবাৰী সমষ্টিৰ ১৯ খন পঞ্চায়ত আৰু চহৰৰ নিৰ্বাচিত হোৱা বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । নলবাৰী সমষ্টিৰ পৰা নিৰ্বাচিত হৈ প্ৰতিযোগী তথা নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীয়ে আগন্তুক সময়ছোৱাত জিলা ভিত্তিক অথবা ৰাজ্যিক ভিত্তিত সাফল্য পাব বুলি আশাবাদী মন্ত্ৰীগৰাকী ।

আনহাতে মন্ত্ৰীগৰাকী নলবাৰীত উপস্থিত হওতেই নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি উদ্ভাৱন হোৱা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে প্ৰতিবাদকাৰীসকলক তীক্ষ্ণ সমালোচনা কৰে । প্ৰতিবাদৰ নেতৃত্ব লোৱাসকলক চান্দাজীৱি আখ্যা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ । ৰাইজৰ পৰা চান্দা তুলি ৰাইজক ব্যাখ্যা কৰোৱাই ভুল প্ৰৰোচনাৰে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী লোৱা বুলি কয় মন্ত্ৰী বৰুৱাই । আনকি প্ৰতিবাদকাৰী একাংশ লোকক চৰিত্ৰহীন বুলিও আখ্যা দিয়ে মন্ত্ৰীগৰাকীয়ে । লগতে নতুনকৈ মুকলি হোৱা শ্বহীদ মুকুন্দ কাকতি হাস্পতালখনত ৰাইজে আজিলৈ কোনো চিকিৎসা নোপোৱাৰ অভিযোগ খণ্ডণ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । প্ৰতিবাদকাৰীসকলে তথ্যহীনতাৰে ৰাইজক আভুৱা ভাৰি অহা বুলি কৈ হাস্পতালখনত দৈনিক চাৰিশৰ পৰা পাঁচশ ৰোগীয়ে চিকিৎসা পাই থকা বুলি সদৰী কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

লগতে পঢ়ক : ধৰ্মপুৰত বিকশিত ভাৰত সংকল্প যাত্ৰাত উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.