Minister Atul Bora reaction on Child marriage: কেতিয়াবা ভাল কাম কৰিবলৈ গ'লে, বাধা আহিবই !

By

Published : Feb 4, 2023, 4:28 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

thumbnail

বিহপুৰীয়া, 4 ফেব্ৰুৱাৰী: কেতিয়াবা ভাল কাম কৰিবলৈ গ'লে, বাধা আহিবই ৷ সুৰক্ষিত জাতিৰ ভৱিষ্যতৰ স্বাৰ্থত কঠোৰ পদক্ষেপ ল'লেও সেয়া সাময়িকহে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীয়ে ৰাজ্যজুৰি বাল্যবিবাহৰ(Operation against child marriage in Assam)  বিৰুদ্ধে আৰম্ভ কৰা অভিযান সন্দৰ্ভত এই মন্তব্য কৃষিমন্ত্ৰী অতুল বৰাৰ ৷ অসম সাহিত্য সভাৰ ষটসপ্ততিতম পূৰ্ণাংগ অধিৱেশনৰ অন্তিম দিনাৰ কাৰ্যসূচীত অংশ ল’বলৈ শনিবাৰে নাৰায়ণপুৰত উপস্থিত হয় অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা ৷ পুৱা সংবাদ সাহিত্য সন্মিলনৰ পিছতে দ্বিতীয় মুকলি অধিৱেশনত অংশ লয় মন্ত্ৰী অতুল বৰাই ।

মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ৰাজ্যজুৰি বাল্যবিবাহৰ লগত জড়িত ব্যক্তিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশনা দিয়াৰ পাছতেই অসম আৰক্ষী তৎপৰ হৈ পৰিছে বুলি মন্তব্য কৰে । বাল্যবিবাহ আইন সংগত নহয় ৷ ইয়াক লৈ এখন আইনো আছে কিন্তু কাৰ্যকৰী হোৱা নাই ৷ যাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বাল্যবিবাহ হোৱা পৰিলক্ষিত হৈছে ৷ চৰকাৰ কঠোৰ হ’লে ভবিষ্যতৰ দিনত নতুন প্ৰজন্ম তথা তেওঁলোকৰ পৰিয়ালৰ লোক এই ক্ষেত্ৰত সজাগ হ’ব ৷

ইফালে মানকাচাৰত নিজ পিতৃক বচাবলৈ গৈ এগৰাকী বিধৱা যুৱতীয়ে আত্মহত্যাৰ পথ বাচি লোৱা ঘটনা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্ত্ৰী অতুল বৰা(Widow committed suicide to save father from police) ৷ তেওঁ আৰু কয় যে, কেতিয়াবা ভাল কাম কৰিবলৈ গ’লে তথা সুৰক্ষিত জাতিটোৰ ভৱিষ্যতৰ স্বাৰ্থত কঠোৰ পদক্ষেপ ল'লে কিবা বাধা আহিলেও সেয়া সাময়িকহে । ভবিষ্যতৰ দিনত ইয়াৰ যোগাত্মক প্ৰভাৱ বহুখিনি আছে ৷

ইফালে মন্ত্ৰীগৰাকীয়ে অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন সফল হৈছে বুলি মন্তব্য কৰে(Asam Sahitya Sabha Narayanpur session) ৷ তেওঁ অসম সাহিত্য সভাৰ মূল কমিটি আৰু আদৰণি কমিটিৰ সকলোকে লোককে কৃতজ্ঞতা জনায় ৷ তেওঁ লগতে সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোঁহাঞি বৰুৱাৰ জন্মস্থানত অধিবেশনখন হোৱাত সন্তোষ ব্যক্ত কৰে ৷

লগতে পঢ়ক: Widow committed suicide: বাল্য বিবাহৰ ঘটনাক লৈ উত্তেজনা, পিতৃক বচাবলৈ বিধৱা মহিলাৰ আত্মহনন

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.