Birendra Nath Dutta Death : বিশ্ববিদ্যালয়ৰ স্মৃতি সুঁৱৰি বীৰেন্দ্ৰনাথ দত্তৰ মৃত্যুত অতুল বৰাৰ শোক প্ৰকাশ

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 9:19 PM IST

thumbnail

গুৱাহাটী, 23 অক্টোবৰ : বিশিষ্ট সাহিত্যিক বীৰেন্দ্ৰনাথ দত্তৰ মৃত্যুত শোক প্ৰকাশ কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই । বিশিষ্ট গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, লোক সংস্কৃতিৰ গৱেষক, শিক্ষাবিদগৰাকীৰ মৃত্যুত অসমৰ সমাজ জীৱনৰ অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই । মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে গুৱাহাটীত পঢ়ি থকা অৱস্থাত নিচেই কাষৰ পৰা বীৰেন্দ্ৰ নাথ দত্তক তেওঁ পাইছিল ৷ বীৰেন্দ্ৰনাথ দত্তৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি মন্ত্ৰী অতুল বৰাই শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷ উল্লেখ্য যে, সোমবাৰে গোলাঘাট নগৰৰ বিভিন্ন পূজা মণ্ডপত উপস্থিত মন্ত্ৰীগৰাকীয়ে দুৰ্গা দেৱীৰ আশিস গ্ৰহণ কৰাৰ লগতে ৰাজ্যবাসীক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনায় । মন্ত্ৰীগৰাকীয় লগতে কয় যে এই দিনকেইটাত চাৰিওফালে যি আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে, সেয়া দেখি খুউব ভাল লাগিছে ৷

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.