Bondajan Pumping Station inaugurated: বোন্দাজান পাম্প হাউচ মুকলি মন্ত্ৰী অশোক সিংহলৰ

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 7:53 PM IST

Updated : Sep 28, 2023, 9:42 PM IST

thumbnail

গুৱাহাটী, ২৮ ছেপ্টেম্বৰ: কৃত্ৰিম বানৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীৰ বোন্দাজানত ১১.৭৪ কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰা পাম্প হাউচটো বৃহস্পতিবাৰে মুকলি কৰা হয় । অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে বোন্দাজান পাম্প হাউচটো উদ্বোধন কৰে । পাম্প হাউচটো মুকলি কৰি মন্ত্ৰীগৰাকীয়ে গুৱাহাটী মহানগৰীৰ বাহিনী নৈ আৰু শিলসাঁকোৰ জলাশয়ৰ পৰা মহানগৰীৰ বৰষুণৰ পানীসমূহ পাম্পৰ জৰিয়তে ব্ৰহ্মপুত্ৰত পেলোৱাৰ বাবে এই আঁচনি গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ।

প্ৰায় ১২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই পাম্প হাউচটোৰ বাবে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা কিছু পৰিমাণে হ’লেও দূৰ হ’ব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ অহা ১ অক্টোবৰত সমগ্ৰ ৰাজ্যত মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা ১ ঘন্টাৰ শ্ৰমদান কাৰ্যসূচীত সকলোকে সহযোগ কৰাৰ বাবে আহ্বান জনায় মন্ত্ৰী সিংহলে । অনুষ্ঠানত বিভাগীয় মন্ত্ৰীগৰাকীৰ লগতে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা, উপাধ্যক্ষ মুকুতা ডেকাৰ লগতে মুখ্য কাৰ্যবাহী বিষয়া অমবামাথুন এম পি (আই এ এছ) আৰু সচিব মনালী জৈন উপস্থিত থাকে ।

লগতে পঢ়ক: Bioremediation Process of Silsako Beel: শিলসাঁকো বিলৰ পানীৰ জৈৱ পৰিশোধন প্ৰক্ৰিয়াৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ

Last Updated : Sep 28, 2023, 9:42 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.