Media workshop on child rights: ক’ভিডৰ পিচত বৃদ্ধি পাইছে বাল্যবিবাহ

By

Published : Feb 24, 2023, 10:50 PM IST

thumbnail

গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী: গুৱাহাটী প্ৰেছ ক্লাৱৰ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি আজি অৰ্থাৎ শুকুৰবাৰে অসমত শিশু সুৰক্ষা বিষয়ত এখনি সাংবাদিকৰ কৰ্মশালা অনুষ্ঠিত হৈ যায় (Media workshop on child rights) । শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ (Guwahati press club) উদ্যোগত ক্লাৱৰ প্ৰেক্ষাগৃহত আয়োজিত এই কৰ্মশালাত NIPCCD ৰ প্ৰাক্তন আঞ্চলিক সঞ্চালক ড৹ বন্দনা ভূঞাই সামাজিক আৰু বাল্যবিবাহৰ সন্দৰ্ভত বিষদভাৱে আলোচনা কৰে ।

ড৹ বন্দনা ভূঞাই আজিও বহু পৰিয়ালত লিংগ বৈষম্য থকাৰ কথা ব্যক্ত কৰি কন্যা সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত এই বৈষম্য দেখা পোৱাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ কয় যে, কন্যা সন্তানক কিদৰে শিক্ষাৰ ক্ষেত্ৰত তথা স্বাৱলম্বী কৰি গঢ়ি তুলিব পৰা যায়, সেইবিষয়ে চিন্তা-চৰ্চা নকৰিলে বাল্যবিবাহ হৈয়েই থাকিব । ক’ভিডৰ পিচত অসমত বাল্যবিবাহৰ সংখ্যা বৃদ্ধি পাইছে ৷ আমাৰ সমাজ ব্যৱস্থাত কু-প্ৰথা নাই । তথাপিও বাল্যবিবাহ হৈ থকাটো দুৰ্ভাগ্যজনক ৷

ইফালে শিশু অধিকাৰ কৰ্মী মিগুৱেল দাস কুইয়াই এই সন্দৰ্ভত তেওঁৰ মতামত ব্যক্ত কৰি কয় যে, বাল্যবিবাহ ৰোধ কৰিবলৈ ৰাইজক সজাগ কৰাতো অতি গুৰুত্বপূৰ্ণ । বাল্যবিবাহ আইনী ব্যৱস্থাৰে সমাধান নহয় । বাল্যবিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি যি অভিযান চলি আছে সেই অভিযান শাম কটাৰ পিচত পুনৰ বাল্যবিবাহ হ’ব বুলি মন্তব্য কৰে ।

এই কৰ্মশালাত উপস্থিত থাকি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে (Gauhati High Court advocate Bijan Mahajan) সংবিধান প্ৰদত্ত আইনক সকলো ভাৰতীয় নাগৰিকক সন্মান জনাবলৈ আহ্বান জনায় ৷ তেওঁ লগতে আইনত যদি বিসংগতি দেখে তেতিয়া আইনীযুঁজত অৱতীৰ্ণ হ’বলৈও সকলোকে আহ্বান জনায় । তেওঁ আৰু কয় যে, বাল্যবিবাহ এদিনত আঁতৰাই পেলাব নোৱাৰি । বাল্যবিবাহ আইনখনৰ কথা বহুতে নাজানে । এতিয়াও সজাগতাৰ প্ৰয়োজন আছে বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে মন্তব্য কৰে ।

তেওঁ চৰকাৰক সমালোচনা কৰি কয় যে, বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰে অভিযান চলাইছে । কিন্তু চাহ বাগিচাত গৈ হাত দিয়াৰ সাহস নাই চৰকাৰৰ । কাৰণ হিন্দু ভোট বেংক । চৰকাৰৰ সঁচাকে বাল্যবিবাহ বন্ধ কৰিবলৈ মন থকা হ’লে সজাগতাৰ সৃষ্টি কৰিলেহেঁতেন ৷ কিন্তু তাকে নকৰি জধেমধে বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰে অভিযান চলাইছে ।

গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক সঞ্জয় ৰয়ে উদ্দেশ্য বাখ্যা কৰা কৰ্মশালাখনত জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ, শিশু অধিকাৰ কৰ্মী ৰফুকুল ইছলামে বক্তব্য ৰাখে । প্ৰেছ ক্লাৱৰ সাংস্কৃতিক সম্পাদিকা পল্লবী বৰা ভূঞাই আঁত ধৰা কৰ্মশালাত শলাগৰ শৰাই আগবঢ়াই কাৰ্যকৰী সদস্য কিশোৰ শৰ্মাই ৷

লগতে পঢ়ক : Guwahati Double Murder: অমৰজ্যোতিৰ ঘৰত কেয়াৰ টেকাৰ হিচাপে আছিল বন্দনা; ৰচিছিল সম্পত্তিৰ গৰাকী হোৱাৰ অভিসন্ধি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.