Guwahati Double Murder: অমৰজ্যোতিৰ ঘৰত কেয়াৰ টেকাৰ হিচাপে আছিল বন্দনা; ৰচিছিল সম্পত্তিৰ গৰাকী হোৱাৰ অভিসন্ধি

author img

By

Published : Feb 24, 2023, 10:23 PM IST

Guwahati Double Murder

প্ৰতিদিনেই পোহৰলৈ আহিছে ৰাজ্য কঁপাই যোৱা গুৱাহাটী ডাবল মাৰ্ডাৰৰ ন ন তথ্য ৷ শাহু শংকৰী দে’ৰ অগাধ সম্পত্তিৰ লোভত অমৰক প্ৰেমৰ জাল পেলাইছিল বন্দনাই ৷ ইয়াৰ পাচত শংকৰী দে’ৰ সম্পত্তি নিজৰ নামত কৰাৰ বাবে ধনটি ডেকা আৰু অৰূপ ডেকাৰ সৈতে আলোচনা কৰিছিল বন্দনাই (Sensational murder in Guwahati) ৷ আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে এই তথ্য ৷

গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী: মুখ খুলিছে গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা কলিতাই । পাণবজাৰ মহিলা আৰক্ষী থানাত মাৰাথান জেৰা মুখ খুলিছে বন্দনা কলিতাই । জেৰাত পোহৰলৈ আহিছে বন্দনা কলিতাৰ ন ন তথ্য (Guwahati Double Murder case) । আৰক্ষীৰ জেৰাত ওলাইছে ইটোৰ পিছত সিটো তথ্য । অমৰজ্যোতি দে ঘৰত কেয়াৰ টেকাৰ হিচাপে আছিল বন্দনা কলিতা । তাৰ পিছতে বন্দনাই গম পাইছিল শংকৰী দে‘ৰ অগাধ সম্পত্তি কথা । শংকৰী দে’ অগাধ সম্পত্তি দেখি অমৰক প্ৰেমৰ জাল পেলাইছিল বন্দনাই (Brutal murder in Guwahati) ।

অমৰক প্ৰেমৰ জালত পেলোৱাৰ মূল কাৰণ আছিল শংকৰী দে’ৰ সম্পত্তি । কেনেকৈ সেই সম্পত্তি সৰকাব পাৰি তাৰ পাং পাতিছিল বন্দনাই আৰু অৱশেষত অমৰজ্যোতিৰ সৈতে বিবাহপাশত আবদ্ধ হৈ শংকৰী দে’ৰ অগাধ ধন-সম্পত্তিৰ মালিকনী হোৱাৰ পৰিকল্পনা কৰিছিল বন্দনাই । শংকৰী দে’ৰ পৰা সম্পত্তি কেনেকৈ নিজৰ নামত আনিব পাৰি তাৰবাবে ধনটি ডেকা আৰু অৰূপ ডেকাক সৈতে আলোচনা কৰিছিল বন্দনাই (Bandana Kalita Murder case) ।

এই অনুসৰি শাহু শংকৰী দে’ আৰু স্বামী অমৰজ্যোতি দে’ক ২৩ দিনৰ ব্যৱধানত দুই সহযোগী ধনটি ডেকা আৰু অৰূপ ডেকাই লগত লৈ বন্দনা কলিতাই হত্যা কৰিছিল (Mother and son killed in Guwahati) ।

লগতে পঢ়ক : Guwahati Double Murder: অমৰজ্যোতি দে’ৰ বাসগৃহত ফৰেনছিকৰ অভিযান; পোহৰলৈ বিস্ফোৰক তথ্য

বৃহস্পতিবাৰে আৰক্ষীৰ অভিযানকাৰী দলটোৱে বন্দনা কলিতাৰ স্বীকাৰোক্তিৰ ভিত্তিত তিনি অভিযুক্তক লগত লৈ বোন্দাজান দলঙৰ তলত অভিযান চলাই হত্যাকাণ্ডত তথা মৃতদেহ টুকুৰা-টুকুৰ কৰিবলৈ ব্যৱহাৰ কৰা দাখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ পিচতে আৰক্ষীৰ দলটোৱে পাথৰ কোৱাৰীৰ দা-কটাৰী বিক্ৰী কৰা দোকানখনৰ গৰাকী ইমৰান আনচাৰিক আটক কৰি সোধা-পোচাৰ বাবে নুনমাটি আৰক্ষী থানালৈ লৈ যায় (Guwahati police detain reap shopkeeper) ।

ইফালে বন্দনা কলিতাৰ লগতে ধনটি ডেকা আৰু অৰূপ ডেকাৰ জেৰা অব্যাহত ৰাখিছে পানবজাৰ আৰক্ষীয়ে ৷ আৰক্ষীৰ অভিযানকাৰী দলটোৰ আগত এটাৰ পাছত আনটো তথ্য সদৰী কৰিছে তিনি অভিযুক্তই ৷ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা গুৱাহাটীৰ এই ডাবল মাৰ্ডাৰৰ ঘটনাৰ(Guwahati Double Murder case) আঁৰৰ প্ৰকৃত কাৰণ জানিবলৈ এতিয়া সকলো উৎসুকতাৰে অপেক্ষা কৰি আছে ৷

লগতে পঢ়ক : Guwahati Double Murder update : স্বামী-শাহুৰ হত্যাকাণ্ডত ব্যৱহৃত দা উদ্ধাৰ; দা বেচি বিপদত পৰিল দোকানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.