Me Dem Me Fi Celebration : টীয়কত টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত মে-ডাম-মে-ফি উদযাপন

By

Published : Jan 31, 2023, 5:22 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

টীয়ক, ৩১ জানুৱাৰী : আজি সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে টাই আহোম জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ মে-ডাম-মে-ফি (Me dem me fi celebrated in Assam) । সমগ্ৰ অসমতে টাই আহোম জনগোষ্ঠীয় লোকসকলে পূৰ্বপুৰুষসকলক স্মৰণ কৰা এই পবিত্ৰ মে-ডাম-মে-ফি উদযাপন কৰা হয় (Tai Ahom community festival me dem me fi) । এয়া হৈছে টীয়কৰ মে-ডাম-মে-ফি উদযাপনৰ দৃশ্য (me dem me fi celebrated in Teok) ।

টাই আহোম ছাত্ৰ সন্থাৰ চেনি আমগুৰি চেনিজান আঞ্চলিক, মেলেং আঞ্চলিক হোলোঙাপাৰ আঞ্চলিক, কাকজান আৰু পীড়াকটা আঞ্চলিকৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত মেলঙৰ চেতীয়া গাঁৱৰ স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ সমন্বয় ক্ষেত্ৰত উলহ-মালহেৰে দিনজোৰা কাৰ্যসূচীৰে মে-ডাম-মে-ফি উদযাপন কৰা হয় । পুৱা পতাকা উত্তোলন, মৈদাম তৰ্পণৰ পাছতে ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে বান-ফি পূজা আয়োজন কৰা হয় । লগতে উক্ত পূজাস্থলীৰ পৰায়ে পূৰ্বপুৰুষসকলক শ্ৰদ্ধাৰে স্মৰণ কৰি সকলোৰে মংগলৰ অৰ্থে পূজা আগবঢ়ায় উদ্যোক্তাসকলে ।

ইপিনে এই পৰম্পৰাগত ধৰ্মীয় উৎসৱ উদযাপনৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত হয় । উক্ত মুকলি সভাত টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ-সভাপতি কুমুদ গগৈ, উদযাপন সমিতিৰ সম্পাদক অংকুৰ চেতীয়া, পূব যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি ৰামপ্ৰসাদ ফুকন, সমাজকৰ্মী মানস বৰতামুলী, সমাজকৰ্মী পল্লবী গগৈ, ৰুমী চেতীয়াকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

উল্লেখ্য, মে-ডাম-মে-ফিৰ অৰ্থ হৈছে- 'মে' মানে প্ৰাৰ্থনা, উপাসনা বা পূজা কৰা, 'ডাম'- মানে মৃতক আৰু 'ফী'- মানে হৈছে দেও বা দেৱতা । টাই আহোমসকলৰ এই ধৰ্মীয় সামাজিক উৎসৱৰ যোগেদি উপৰি পুৰুষ সন্তুষ্ট হৈ স্বৰ্গৰ পৰাই আৰ্শীবাদ প্ৰদান কৰে বুলি জনবিশ্বাস আছে । মে-ডাম-মে-ফি ধৰ্মীয় অনুষ্ঠানতে চাওফী (পূৰ্বপুৰুষসকল) আৰু 'ডাম চাও-ফী'সকলক পূজা কৰা হয় (Me Dam Me Phi 2023) ।

চৰাইদেউত ৰাজধানী পতাৰ সময়তো পূৰ্বপুৰুষ আৰু দেৱতাসকলৰ আশীৰ্বাদ বিচাৰি স্বৰ্গদেৰ্গৱে মে-ডাম-মে-ফি পাতিছিল । তাৰ পৰৱৰ্তী সময়ৰ স্বৰ্গদেউসকলেও বিভিন্ন সময়ত মে-ডাম-মে-ফি অনুষ্ঠিত কৰিছিল । ১৪৯৭-১৫৩৯ চনলৈ শাসন কৰা দিহিঙীয়া ৰজা চুহুং-মুঙে চুতীয়া আৰু কছাৰীসকলক পৰাস্ত কৰাৰ পিচত ৰাজ্যজুৰিজু মে-ডাম-মে-ফি আৰু ৰিখন উৎসৱ পাতিছিল । চুখামফাৰ (খোৰাৰজা) কোচসকলৰ লগত সন্ধি স্থাপন হোৱাৰ সময়তো মে-ডাম-মে-ফি পাতিছিল । কছাৰী আৰু মোগলক পৰাস্ত কৰি চ্যু-ক্লেং-মুং (গড়গঞা ৰজা, ১৫৩৯-১৫৫২) স্বৰ্গদেৰ্গৱেও মে-ডাম-মে-ফি উদযাপন কৰিছিল ।

লগতে পঢ়ক :Me dem me fi celebration in Lakhimpur: লখিমপুৰত দুদিনীয়াকৈ মে ডাম মে ফি দিৱসৰ আয়োজন

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.