Me Dam Me Phi: তিতাবৰত পুৰ্বপুৰুষসকলক স্মৰণ কৰি মে ডাম মে ফি পালন

By

Published : Jan 31, 2023, 7:01 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

তিতাবৰ, 31 জানুৱাৰী: আজি আহোম সম্প্ৰদায়ৰ লোকসকলৰ অন্যতম উৎসৱ মে ডাম মে ফি (Me Dam Me Phi 2023) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাট জিলাৰ তিতাবৰটো আহোম সম্প্ৰদায়ৰ লোকসকলে আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰে মে ডাম মে ফি পালন কৰে (Me Dem Me Fi celebration in Assam ) ৷

মঙলবাৰে সদৌ অসম টাই আহোম ছাত্ৰ সন্থা (আটাছু)তিতাবৰ নগৰ সমিতিৰ উদোগত আৰু তিতাবৰবাসী ৰাইজৰ সহযোগত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসুচীৰে ত্ৰয়োদশ বাৰ্ষিক মে ডাম মে ফি উদযাপন কৰে (Me Dem Me Fi centrally observed at Titabar ) ৷ পুৱা পতাকা উত্তোলন, মৈদাম তৰ্পনৰে আৰম্ভ কৰা হয় এই কাৰ্যসুচী । ইয়াৰ পাচতে বানফিৰ পূজাৰ জৰিয়তে পুৰ্বপুৰুষক সুঁৱৰি আৰ্শীবাদ বিচাৰে লোকসকলে ।  

এই অনুষ্ঠানৰ উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰে উদ্যোক্তাসকলে । ইফালে যোৰহাট জয়া ভৱনতো কেন্দ্ৰীয়ভাৱে টাই আহোমৰ পবিত্ৰ ধৰ্মীয় উৎসৱ মে ডাম মে ফি পালন কৰা হয় (Me Dem Me Fi centrally observed in Jorhat) । প্ৰতিবছৰে ৩১ জানুৱাৰীৰ দিনটোত টাই-আহোম জনগোষ্ঠীৰ লোকসকলে সম্পূৰ্ণ ধৰ্মীৰ ৰীতি-নীতি, পৰম্পৰা অনুসৰি পালন কৰা হয় মে ডাম মে ফি উৎসৱ ৷ এই ধৰ্মীয় সামাজিক উৎসৱৰ জৰিয়তে আহোমসকলে পিতৃ পুৰুষ তথা উপৰিপুৰুষক স্মৰণ কৰাৰ লগতে দেশ, ৰাজ্য আৰু সমাজৰ মংগল কামনা কৰে ৷

এই পৰম্পৰাৰ বাবে সমূহীয়াকৈ ৰাইজ গোট খাই এখন আঠচুকীয়া অস্থায়ী হ'-ফী (দেউশাল) সাজে আৰু ইয়াত আঠখন মেহেঙা (শৰাই) পাতি তেওঁলোকৰ আদি পিতা লেংডন দেৱতা প্ৰমুখ্যে আঠজন ‘'ফী’'ক উপাসনা কৰে। এই পূজাত ফুৰা-তা-ৰা-আলং অথবা নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ উপৰিও ঙি ডাম খাম্ বা সোণালী ড্ৰেগন অংকিত পতাকা উত্তোলন কৰি সমূহীয়াভাৱে ভোজ দিয়া হয়।

এই পূজাত ফুৰা-তা-ৰা-আলং অথবা নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ উপৰিও ঙি ডাম খাম্ বা সোণালী ড্ৰেগন অংকিত পতাকা উত্তোলন কৰি সমূহীয়াভাৱে ভোজ খায় । এই পৰম্পৰা অসমত পোন প্ৰথম বাৰৰ বাবে আয়োজন কৰা হৈছিল টিপামৰ বুঢ়াডাঙৰীয়াৰ থানত।

লগতে পঢ়ক: Me Dam Me Phi observed in Tinsukia: তিনিচুকীয়াত কেন্দ্ৰীয় মে ডাম মে ফিত মন্ত্ৰী পীযুষ হাজৰীকা

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.