Protest Against Naga Encroachment: এমাহৰ ভিতৰত প্ৰশাসনক নগা সমস্যা সমাধানৰ দাবী কেইবাটাও সংগঠনৰ

By

Published : Feb 16, 2023, 5:09 PM IST

thumbnail

যোৰহাট, 16 ফেব্ৰুৱাৰী: চুবুৰীয়া ৰাজ্যৰ সৈতে সীমা সমস্যা সমাধানৰ বাবে চৰকাৰে তৎপৰতা গ্ৰহণ কৰিছে যদিও নাগালেণ্ডৰ সৈতে দশক দশক ধৰি চলি অহা সীমা সমস্যা একে পৰ্যায়তে আছে (Assam Nagaland border conflict) ৷ অসমৰ ভূমি একাংশ নগা দুৰ্বৃত্তই বেদখল কৰাৰ লগতে সীমান্তবাসী অসমীয়া ৰাইজৰ ওপৰত চলাই আহিছে অত্যাচাৰ আৰু উপদ্ৰৱ ৷ বিশেষকৈ শেহতীয়াভাৱে মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত নগা দুৰ্বৃত্তই অব্যাহত ৰাখিছে উপদ্ৰৱ (Naga Encroachment) ৷ এই ক্ষেত্ৰত চৰকাৰে সীমান্তবাসীক সুৰক্ষা দিয়াৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাত চূড়ান্তৰূপে ব্যৰ্থ হৈছে ৷  

বৃহস্পতিবাৰে অসমৰ ভূমিত নগাৰ বেদখল তথা উচ্ছেদ বন্ধ কৰা আৰু সীমা সমস্যা সমাধানৰ দাবীত মৰিয়নিত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও জাতীয় দল সংগঠনে (Protest Against Naga Encroachment) । অসমৰ ভূমিত নগাই অবাধ বেদখল চলাই অহাৰ লগতে বনভূমি ধ্বংস কৰাৰ বিপৰীতে অসম প্ৰশাসনে নীৰৱ ভূমিকা পালন কৰাৰ অভিযোগ প্ৰতিবাদী সংগঠন কেইটাৰ ৷ 

উল্লেখ্য যে, মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তৰ দিচৈ ভেলি সংৰক্ষিত বনাঞ্চলৰ ভূমিত নগাই কাঠ ফলা মিল স্থাপন কৰি বন ধ্বংস কৰা লগতে পথ নিৰ্মাণ কৰি অবাধ হাৰত বেদখল চলাই আহিছে ৷ কিন্তু ইয়াৰ বিৰুদ্ধেও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ সংগঠন কেইটাৰ (Assam land occupied by Naga)  ৷  

আগ্ৰাসী নগাৰ বেদখল ৰোধ কৰাৰ ক্ষেত্ৰত যোৰহাট জিলা প্ৰশাসনৰ ব্যৰ্থতাৰ বিৰুদ্ধে বৃহস্পতিবাৰে মৰিয়নি নগৰৰ থানা তিনিআলিত আছুৰ মৰিয়নি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু কেইবাটাও দল-সংগঠনৰ সহযোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ আছুৰ লগতে আটছা, লাচিত সেনাৰ প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ, যোৰহাট জিলা প্ৰশাসনৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে ৷  

ইফালে, মৰিয়নিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিমাতী কইনাৰ ভূমিকা লোৱা বুলি তীব্ৰ ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে । এমাহৰ ভিতৰত নগা বেদখলকাৰীক অসমৰ প্ৰশাসনে উচ্ছেদ কৰিব নোৱাৰিলে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰতিবাদী সংগঠনকেইটাৰ ৷ উল্লেখ্য যে, বৰ্তমানেও সীমান্তৰ দিচৈভেলী বনাঞ্চলত নগাৰ দপদপনি অব্যাহত আছে (Assam Nagaland border issue) ৷  

স্মৰ্তব্য যে, কিছুদিন পূৰ্বে মাত্ৰ এটা দিনৰ ভিতৰতে নগাৰ সমস্যা সমাধান কৰা হ’ব বুলি দম্ভালি মাৰিছিল বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে (MLA Rupjyoti Kurmi) ৷ অসমৰ ভূমি কেতিয়াও নগাক এৰি দিয়া নহ’ব বুলিও উল্লেখ কৰিছিল ৰূপজ্যোতি কুৰ্মীয়ে ৷ কিন্তু এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল ৷ ৰূপজ্যোতি কুৰ্মীৰ নগা প্ৰীতি থকা বুলিহে সম্প্ৰতি উত্থাপন হৈছে অভিযোগ ৷

লগতে পঢ়ক: Naga aggression at Mariani: এদিনৰ ভিতৰত নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি বিধায়ক ৰূপজ্যোতিৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.