বঙাইগাঁৱৰ চাপ্ৰাকাটাত ভয়ংকৰ অগ্নিকাণ্ড, লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 8:25 PM IST

thumbnail

বঙাইগাঁও, 19 নৱেম্বৰ : বঙাইগাঁৱৰ চাপ্ৰাকাটাত ভয়ংকৰ অগ্নিকাণ্ড ৷ দেওবাৰে এটা খালি ব্ৰইলাৰ ফাৰ্মত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হৈছে বুলি জানিব পৰা গৈছে ৷ কি কাৰণে জুইৰ সূত্ৰপাত হ’ল সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই ৷ ইফালে শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ ৰাইজে ৷

আনহাতে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ দল ৷ ইফালে ৰাইজৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীৰ দলে জুই নিৰ্বাপন কৰে ৷ ব্ৰইলাৰ ফাৰ্মখনৰ মালিকৰ ভাষ্য অনুসৰি, এটাও ব্ৰইলাৰ নাছিল ফাৰ্মখনত ৷ কিন্তু কি কাৰণে জুইৰ সূত্ৰপাত হ’ল সেয়া এতিয়াও জানিব পৰা নাই ৷ কিন্তু বিভিন্ন সামগ্ৰী জুইত জাহ যায় ৷ জুইত প্ৰায় লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হোৱা বুলি জানিবলৈ দিছে ব্ৰইলাৰ ফাৰ্মখনৰ স্বত্বাধিকাৰীয়ে ৷

লগতে পঢ়ক:ৰতিকান্ত চৌধুৰীয়ে দান কৰিলে মছজিদ পথৰ মাটি, অঞ্চলটোৰ নাম এতিয়া প্ৰভাৱতী নগৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.